Trsnsport Dept Crackdown : মহানগৰবাসীক ৩১ ডিচেম্বৰৰ ভিতৰত

যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

WhatsApp Image 2022 12 30 at 14.05.25 1

Trsnsport Dept Crackdown :

কামৰূপ মহানগৰ জিলাৰ বহুজনে নথি-পত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ নকৰাৰ অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে পৰিবহণ বিভাগে বান্ধি দিছে সময়সীমা ৷

৩১ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধৰ আহ্বান পৰিবহণ বিভাগৰ ৷

শেহতীয়াকৈ কৰ পৰিষোধত বিলম্ব আৰু নথিপত্ৰ নকৰা সকলৰ বিৰুদ্ধে মহানগৰ জিলা পৰিবহণ বিভাগে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ যাৰবাবে থৰকাছুটি হেৰুৱাইছে বহুজনে ৷

শেহতীয়াকৈ কৰ পৰিশোধ নকৰা আৰু নথিপত্ৰ নৱীকৰণ নকৰা বিষয়টোক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে যান-বাহনৰ যাৱতীয় কৰ আদায় দি বাহনৰ নথিপত্ৰসমূহ সকলো সময়তে বৈধ কৰি ৰাখিবলৈ যানবাহনৰ গৰাকীলৈ আহ্বান জনাইছে ৷

জৰিমনাৰ সন্মুখীন নোহোৱাকৈ অহা ৩১ ডিচেম্বৰৰ ভিতৰত যানবাহনৰ গৰাকীয়ে যাৱতীয় কৰ পৰিশোধ কৰাৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰক।

অন্যৰ্থাই সন্মুখিন হ’ব লাগিব অতিৰিক্ত জৰিমনাৰ ৷ ৰাজপথত এনেবাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে যাবতীয় পদক্ষেপ লোৱাৰ সকিয়নী দিছে ৷
মহানগৰীৰ ৰাজপথত শীঘ্ৰে অভিযানত নামিব পৰিবহণ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ অভিযানকাৰী দল।

 

Exit mobile version