Cholesterol : কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰিবলৈ অ’টছ

health benefits of oatmeal 1440x810 1

Cholesterol : 

‘ষ্টিল কাট’ অ’টছে বেয়া ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে । ক’লেষ্ট’ৰেলৰ সমস্যা হ’লে খাদ্যাভ্যাস পৰিৱৰ্তনৰ প্ৰয়োজন হয় । চিকিৎসকে সাধাৰণতে এই ক্ষেত্ৰত বীজ আৰু বাদাম জাতীয় খাদ্য, ফল, শাক-পাচলি আৰু অপৰিশোধিত শস্যজাতীয় খাদ্য গ্ৰহণৰ পৰামৰ্শ দিয়ে ।

অপৰিশোধিত খাদ্য বা হ’ল গ্ৰেইনৰ ভিতৰত অ’টছ অন্যতম । গৱেষণা মতে ই বেয়া কলেষ্টৰলৰ এলডিএলৰ মাত্ৰা হ্ৰাস কৰাত সক্ষম ।

‘ফাইনেলি ফোল, ফাইনেলি শ্লিম’ কিতাপৰ লেখক যুক্তৰাষ্ট্ৰৰ পুষ্টিবিদ ডাঃ লিছা ইয়ঙে কয়, “গোটা অ’টছত দ্ৰৱণীয় আঁহ থাকে, যিয়ে কলেষ্টৰেল হ্ৰাস কৰাত সহায় কৰে । ষ্টিল কাট অ’টছত থকা দ্ৰৱণীয় আঁহে একেদৰেই কলেষ্টৰেলৰ মাত্ৰা কমায় ।”

আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল মিউটেছনত ২০১৫ত কৰা এক গৱেষণাৰ উৰ্দ্ধৃতি দি ‘ইট ডিছ নট ডেট ডটকম’ত প্ৰকাশিত প্ৰতিবেদনত জনোৱা হৈছে, গোটা শস্য এলডিএল কলেষ্টেৰলৰ সংখ্যা হ্ৰাস কৰিবৰ বাবে সুপৰিচিত ।

Exit mobile version