Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 12 31 at 19.10.00

Smart Phone :

পুৱা চাৰ্জ দিয়াৰ পাছত বহুতৰে ফোনৰ চাৰ্জ সোনকালেই শেষ হৈ যোৱা দেখা যায় । ফোনটো পুৰণা হ’লেতো কথাই নাই , বেটাৰীৰ কাৰ্যকাৰীতা কমাতো স্বাভাৱিক । আচলতে বহুকে’টা কাৰণত ফোনৰ বেটাৰী সোনকালে শেষ হয় ।

১/ পৰ্দাৰ উজ্জ্বলতা বৃদ্ধি :– স্মাৰ্টফোনত ভিডিঅ’ , চিনেমা চোৱাৰ সময়ত বহুতেই পৰ্দাৰ উজ্জ্বলতা বঢ়াই লোৱা দেখা যায় । কিন্তু আমি জনা উচিত যে পৰ্দাৰ উজ্জ্বলতা বৃদ্ধি কৰিলে বেটাৰীও বেছি খৰচ হয় । তেনেক্ষেত্ৰত ফোনৰ উজ্জ্বলতা হ্ৰাস কৰি চালে ফোনৰ চাৰ্জো বহু দেৰিলৈকে থাকে ।

২/ নেটৱৰ্ক :- স্মাৰ্টফোনত ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত ৱাই-ফাই বা ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰা হয় । এই নেটৱৰ্ক ব্যৱহাৰ কৰিলেও ম’বাইলৰ বেটাৰী বেছি খৰচ হয় । কাৰণ ম’বাইল নেটৱৰ্কৰ সমস্যা হ’লে স্মাৰ্টফোনটো টাৱাৰৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰি থাকে । ফলত বেটাৰী খৰচৰ পৰিমাণো বৃদ্ধি পায় ।

৩/ জিপিএছ ব্যৱহাৰ কৰা :–স্মাৰ্টফোনত জিপিএছ বা লোকেশ্বনৰ সুবিধা আৰম্ভ কৰিলে ফোনৰ বেটাৰী দ্ৰুত গতিত কমি। আহে । ইয়াৰ ফলত বহুসময়ত ফোনটো গৰম হৈ পৰাও দেখা যায় । সেইয়েহে প্ৰয়োজন নহ’লে ফোনৰ জিপিএছ বন্ধ ৰখাই ভাল ।

৪/ বেকগ্ৰাউণ্ড এপ :– ব্যৱহাৰ নকৰিলেও ব্যৱহাৰকাৰীক ইন্টাৰনেট ব্যৱহাৰৰ ইতিহাস সংগ্ৰহৰ কাৰণে কিছুমান এপ স্মাৰ্টফোনত সকলো সময়তে এক্টিভ হৈ থাকে । এইবোৰ এপ বন্ধ কৰিব নোৱাৰে । ফলত বেটাৰীৰ খৰচ হৈ থাকে ।

৫/ নিম্নমানৰ চাৰ্জাৰ :– নিম্নমানৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলেও বেটাৰীৰ কাৰ্যকাৰীতা লাহে-লাহে কমি আহে । কেতিয়াবা এই নিম্নমানৰ চাৰ্জাৰৰ কাৰণে আপোনাৰ স্মাৰ্টফোনটো নষ্টও হৈ যাব পাৰে । এনে চাৰ্জাৰত ফোন চাৰ্জ দিলেও বেছি সময় চাৰ্জ নাথাকে ।

Exit mobile version