New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক

অভিস্পা বৰুৱা, তৰ্ক আৰু বক্তৃতা সম্পাদিকা, তেজপুৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা

WhatsApp Image 2023 01 01 at 16.55.02

New Year 2023 Wishes :

এয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় ৷ এই সুযোগতে মই সমূহ দেশবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভ কামনা জনালোঁ ৷ নতুন বছৰটোৰ অহাৰ লগে লগে আমাৰ মনলৈ আহে বিভিন্ন নতুন আশা, চিন্তা, সপোন৷

প্ৰথমেই আশা কৰো সমগ্ৰ পৃথিৱীৰ পৰা অশান্তি সমূহ নাইকিয়া হৈ শান্তি নামি আহক। যোৱা বৰ্ষ সমূহৰ দৰে মহামাৰীয়ে দেশক অশান্তি নকৰক আৰু জনসাধাৰণৰ সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰক তাৰেই কামনা কৰো।

নতুন বৰ্ষৰ পৰিকল্পনা বুলি ক’বলৈ গ’লে সকলো মানুহেই অলেখ পৰিকল্পনা কৰে। ঠিক সেইদৰে আমাৰো চকুৰ আগত বহু পৰিকল্পনাই উবুৰি খাই পৰেহি ৷ তথাপিও তাৰ মাজতে বিশেষ কিছুমান কাম নিৰ্বাচন কৰিব ল’ব লগা হয় সময় সাপেক্ষে ৷

সময়ৰ তাগিদাত ময়ো এই বৰ্ষত হাতত লৈছোঁ কে’বাটাও বিশেষ কাম ৷ শিক্ষা জীৱন আগুৱাই নিয়াৰ লগতে ভৱিষ্যতৰৰ বহু সপোন বাস্তৱত পৰিণত কৰাৰ উদ্দেশ্যে মই যোৱা বৰ্ষতে তেজপুৰ আইন মহাবিদ্যালয়ত পাঁচ বছৰীয়া আইন পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছিলোঁ।

এইবাৰ তৃতীয় ষাণ্মাসিকত অধ্যয়ণ কৰি থাকোতেই আমাৰ মহাবিদ্যালয়ত হোৱা ছাত্ৰ একতা সভাৰ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনত তৰ্ক আৰু বক্তৃতা সম্পাদিকা হিচাপে বিজয়ী হ’লো। গতিকে মই আগন্তক বৰ্ষটোত মোৰ শিক্ষা দিশটোত বেছিকৈ মনোযোগ দিয়াৰ লগতে মহাবিদ্যালয়ৰ তৰ্ক আৰু বক্তৃতা বিভাগটো আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছোঁ।

লগতে মই মোৰ ব্যক্তিগত তৰ্ক, নৃত্য ইত্যাদি দিশবোৰত আগতকৈ বেছিকৈ গুৰুত দি আগুৱাই যোৱাৰ পৰিকল্পনা কৰাৰ লগতে আৰু বহু সপোন পুহি ৰাখিছোঁ।

নতুন বৰ্ষটোত সমাজৰ পৰা হত্যা, ধৰ্ষণ, লুটপাত ইত্যাদি অপৰাধজনীত কামবোৰ নাইকিয়া হৈ এখন সুস্থ সমাজ গঢ় লওক তাৰেই কামনা কৰোঁ।

নতুন বৰ্ষতোত নৱপ্ৰজন্মই নতুনকৈ চিন্তা আৰম্ভ কৰক শিক্ষাৰ্থী সকলে নিজৰ শিক্ষা জীৱনত গুৰুত্ব বেছিকৈ দিয়ক আৰু শিক্ষা শেষ কৰি নিবনুৱা হিচাপে থকা সকলে আত্মনিৰ্ভৰ হোৱাৰ পথ বাছি লওক।

সকলোৱে চিন্তা কৰক যে এটা চাকৰিৰ পাছতে দৌৰি নাথাকি আত্মনির্ভৰ হোৱাৰ লগতে আৰু দহ জনক উপাৰ্জনৰ পথ দেখুৱাই দিব পাৰে।

সকলোৱে ম’বাইল, লেপটপ ইত্যাদি সামগ্ৰী বিলাকৰ নেতিবাচক দিশ সমূহ পৰিহাৰ কৰি ইতিবাচক দিশত ব্যৱহাৰ কৰক যাতে নিজৰ লগতে আনৰো কিছু লাভ হয়।

নৱ বৰ্ষত ৰাইজলৈ বাৰ্তা বুলিলে বিশেষকৈ ৰাইজ কৰ্মমুখী হওক তাকেই কম। শিক্ষা দিশত পৰিৱৰ্তন লাহে লাহে হোৱা দেখা গৈছেই। আশা কৰিম আগন্তক বৰ্ষবোৰত চৰকাৰৰ লগতে ৰাইজেও শিক্ষা দিশটো বেছিকৈ গুৰুত্ব দিয়ক।

চৰকাৰে অন্য দিশ বোৰতকৈ শিক্ষা আৰু স্বাস্থ্য দিশত আৰু অধিক গুৰুত্ব দিয়ক আৰু শিক্ষাৰ ক্ষেত্ৰত কিছু আৰু নতুনত্ব আনক। কবলৈ বহু আছে কিন্তু এতিয়া কব গলে লিখি শেষ নহব। শেষত সকলোৰে আগন্তক বৰ্ষতো মঙ্গলময়ী হওক তাৰেই কামনা কৰিলোঁ।

Exit mobile version