Unemployment : ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ১৬ মাহত সৰ্বাধিক ! নতুন বছৰত উদ্বেগ বৃদ্ধি পালে কেন্দ্রৰ

Youth unemployment

Unemployment : 

দেশত পুনৰ বৃদ্ধি পালে নিবনুৱাৰ হাৰ । দেওবাৰে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমী (চিএম‌আইই)য়ে প্ৰকাশ কৰা ডিচেম্বৰৰ পৰিসংখ্যা অনুসৰি ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ৮.৩ শতাংশ । নৱেম্বৰত এই হাৰ আছিল আঠ শতাংশ । চিএমআইইৰ সূত্ৰ অনুসৰি যোৱা ১৬ মাহৰ ভিতৰত নিবনুৱাৰ হাৰ এইটোৱেই সৰ্বাধিক । স্বাভাৱিকতে এই পৰিসংখ্যাই নতুন বছৰত কেন্দ্ৰীয় চৰকাৰক উদ্বিগ্ন কৰিব ।

সমীক্ষক সংস্থাটোৱে প্ৰদান কৰা তথ্য অনুসৰি ডিচেম্বৰত দেশৰ চহৰসমূহত নিবনুৱাৰ হাৰ ৮.৯৬ শতাংশৰ পৰা ১০.০৯ শতাংশলৈ বৃদ্ধি পাইছে । কিন্তু গাঁৱত নিবনুৱাৰ হাৰ সামান্য হ্ৰাস পাইছে ।

নৱেম্বৰত গাঁও অঞ্চলত নিবনুৱাৰ হাৰ ৭.৫৫ শতাংশ হোৱাৰ বিপৰীতে ডিচেম্বৰত ৭.৪৪ শতাংশলৈ হ্ৰাস পাইছে । যদিও সামগ্ৰিক পৰিস্থিতি আশাব্যঞ্জক নহয় বুলিও সমীক্ষক সংস্থাটোৱে জানিবলৈ দিয়ে ।

এটা বিষয়ত অৱশ্যে আশাৰ কিৰণ দেখা গৈছে । সমীক্ষাত দেখা গৈছে যে কাৰখানাৰ কামত অধিক শ্ৰমিকে অংশগ্ৰহণ কৰিছে । ডিচেম্বৰত শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ আছিল ৪০.৪৮ শতাংশ ।

২০২২ৰ জানুৱাৰীৰ পাছত সৰ্বাধিক । এয়া আশাব্যঞ্জক হ’লেও সংস্থাটোৱে অনুমান কৰিছে যে মুদ্ৰাস্ফীতি আৰু অধিক সংখ্যক লোকৰ কৰ্মসংস্থাপন বিচৰাৰ বাবে নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে । নতুন বছৰত তেওঁলোকৰ স’তে মোকাবিলা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ বাবে অন্যতম পৰীক্ষা হ’ব ।

Exit mobile version