Mobile App : ২০২২ চনত আটাইতকৈ বেছি ডাউনলোড হোৱা ১৫ এপ , শীৰ্ষত আছে টিকটক

1edeecd3 7841 4c10 b274 71f913cd7c34 1

Mobile App :

স্মাৰ্টফোনৰ আগমণৰ লগে লগে প্ৰতি বছৰে এপৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিভিন্ন কামৰ বাবে আমি বহু ধৰণৰ এপ ডাউনলোড কৰোঁ । গুগল প্লে ষ্টৰ তথা এপল এপ ষ্টোৰৰ কোনোটোৰে যেন নিশ্বাস লোৱাৰ সময় নাই । বিশেষকৈ কোনো বিশেষ কামৰ বাবেও আমি কিছু এপ ডাউনলোড কৰিবলগীয়া হয় ।

সেইয়েহে প্ৰযুক্তি বিষয়ক চাইট চফটৱেৰ টেপিং হেল্প -এ বছৰত আটাইতকৈ বেছি যিসমূহ এপ ডাউনলোড কৰা হৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰিছিল । সেই তালিকাত আছে সামাজিক প্লেটফৰ্ম , ই – কমাৰ্চ তথা মোবাইল গেমছ ।

যিবোৰ গুগল প্লে ষ্টৰ তথা এপল এপ ষ্টোৰত ডাউনলোড কৰা হৈছে । ইয়াৰমাজতো আটাইতকৈ বেছি ডাউনলোড কৰা হৈছে চ’ছিয়েল মিডিয়াৰ এপসমূহ ।

এই তালিকাত আছে , টিকটক, ইনষ্টাগ্ৰাম, ফেচবুকৰ পৰা আৰম্ভ কৰি প্ৰায়সংখ্যক গেম । উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এইবৰ্ষতো শীৰ্ষত আছে চুটি ভিডিঅ’ তৈয়াৰ কৰা এপ টিকটক ।

সমান্তৰালকৈ এই বৰ্ষত সৰ্বাধিক ডাউনলোড কৰা ১৫ টা এপ হৈছে —

১/ টিকটক

২/ ইনষ্টাগ্ৰাম

৩/ ফেচবুক

৪/ হোৱাটচ এপ

৫/ টেলিগ্ৰাম

৬/ জুম

৭/ স্নেপচাট

৮/ ফেচবুক মেচেঞ্জাৰ

৯/ কেপকাট

১০/ স্পোৰ্টিফাই

১১/ ইউটিউব

১২/ এইচবিঅ’ মাক্স

১৩/ কেচ এপ

১৪/ চাবওয়ে চাৰ্ফাৰ

১৫ / ৰোবলক্স ।

Exit mobile version