Wine Selling  : অভিলেখ ; মহানগৰত ,দুটা দিনত বিক্ৰী হ’ল আঠ কোটি টকাৰ সুৰা

where to buy wine in rome

Wine Selling :

নৱবৰ্ষক আদৰাৰ প্ৰায় এপষেকৰ পৰাই মহানগৰ আৰক্ষী সুৰাপায়ীক লৈ অধিক তৎপৰ হৈ পৰিছিল । সুৰাপান কৰাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি মহানগৰীত নৱবৰ্ষৰ দুটা দিনত সৰ্বাধিক সুৰা বিক্ৰীয়ে অভিলেখ গঢ়িলে ।

প্ৰাপ্ত তথ্য মতে, ৩১ ডিচেম্বৰ আৰু এক জানুৱাৰী এই দুটা দিনত মহানগৰত বিক্ৰী হ’ল আঠ কোটি এক লাখ টকাৰ সুৰা । ৩১ জানুৱাৰীত এই বিক্ৰীৰ হাৰ আছিল চাৰি কোটি ৮০ লাখ টকা আৰু এক জানুৱাৰীত বিক্ৰী হয় তিনিকোটি ২১ লাখ টকাৰ সুৰা ।

উল্লেখ্য যে , পূৰ্বৰ তুলনাত গুৱাহাটীত এইবাৰ সুৰা নিষিদ্ধকৰণক লৈ চৰকাৰ-প্ৰশাসন অধিক কঠোৰ হোৱা দেখা গৈছিল । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বনভোজথলীত সুৰা নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । একেদৰে সুৰাপায়ী চালকক বিহা হৈছিল মোটা অংকৰ জৰিমণা । তৎস্বত্বেও মহানগৰীত সুৰা বিক্ৰীয়ে অভিলেখ গঢ়াত স্বাভাৱিকতে সচেতনমহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Exit mobile version