Winter Constipation : শীতত কোষ্ঠকাঠিন্য বাঢ়ে , পেট চাফা ৰাখিবলৈ কি কি খাব ?

WhatsApp Image 2023 01 02 at 19.08.08

Winter Constipation :

ঠাণ্ডা দিনত গৰম দিনৰ তুলনাত পানী কমকৈ পান কৰা হয় । যাৰবাবে বহুতৰে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হয় । সমান্তৰালকৈ শীতকালত যিমানেই খোৱা-বোৱা বেছি হয় ,সিমানেই হজমী শক্তি কমি আহে ।

সমগ্ৰ বছৰটোৰ তুলনাত শীতকালত হজমী শক্তি কমি যোৱাৰ লগতে কোষ্ঠকাঠিন্য বাঢ়ি যায় । বিশেষজ্ঞৰ মতে , শীতকালত যিমানপাৰে অখাদ্য খোৱাৰ পৰা বিৰত থকা উচিত ।

আহাৰত অলপ খেলি-মেলি হ’লেই এইধৰণৰ সমস্যাৰ সৃষ্টি হ’ব । বিশেষজ্ঞৰ মতে ,এই সময়ছোৱাত এনে কিছুমান খাদ্য খাব লাগে, যিবোৰ খাদ্যই পেট চাফা কৰাত সহায় কৰে ।

অমিতা :- কমিতাত পাপেইন নামৰ এবিধ এনজাইম থাকে । যি হজমী শক্তি বৃদ্ধি কৰে । আচলতে হজম সঠিক হ’লেই কোষ্ঠকাঠিন্যৰ দৰে অনেক জটিল সমস্যাৰ পৰা উপশম পোৱাটো সম্ভৱ । সেইয়েহে দৈনিক অমিতা খোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই ।

আমলখিৰ ৰস :- পেটৰ বিভিন্ন সমস্যা দূৰ কৰে আমলখিৰ ৰসে । ৰাতিপুৱা খালি পেটত আমলখিৰ ৰস খালে কোষ্ঠকাঠিন্যৰ দৰে জটিল সমস্যা দূৰ হয় ।

কিচমিচ :- কিচমিচ হৈছে ফাইবাৰ সমৃদ্ধ শুকান ফল । পেট চাফা কৰাত কিচমিচে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । ৰাতি ২০ পৰা ৩০ টা কিচমিচ পানীত তিয়াই থৈ পুৱা খালি পেটত কিচমিচ কে’টা খোৱাৰ লগতে কিচমিচ পানীখিনি খাব লাগে । ই কোষ্ঠকাঠিন্য নিৰ্মূল কৰাত সহায় কৰে । যিহেতু কিচমিচে মল কোমল কৰে ।

খেজুৰ :– খেজুৰ হৈছে অত্যন্ত শক্তিদায়ক ফল লগতে ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । ফাইবাৰ কোষ্ঠকাঠিন্যৰ বাবে খুবেই ভাল । সেইয়েহে বিশেষজ্ঞই প্ৰতিদিনে দুটাকৈ খেজুৰ খোৱাৰ পৰামৰ্শ দিছে ।

গৰম গাখীৰ আৰু ঘি :- ৰাতি শোৱাৰ আগে এগিলাচ গৰম গাখীৰৰ লগত এচামুচ ঘি ঢালি খাব লাগে । এই অভ্যাসে আপোনাৰ জমা থকা মল কোমল কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰিব ।

পাচলিৰ চুপ :– শীতত দৈনিক পাচলিৰ চুপ খোৱাৰ অভ্যাস কৰিব লাগে । যিকোনো শাক-পাচলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । যি হজম শক্তি বৃদ্ধি কৰি মল কোমল হোৱাত সহায় কৰে ।

বি : দ্ৰ : এই প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত । যিকোনো ৰোগত চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী ।

Exit mobile version