COVID-19 : ক’ভিড সংক্রমণ ৰোধ কৰিবলৈ বুষ্টাৰৰ দ্বিতীয় ড’জ লোৱা কিমান প্ৰয়োজনীয় ?

কি জনালে কেন্দ্রীয় চৰকাৰে

1672369178 vaccine

COVID-19 :

সমগ্ৰ বিশ্বত ক’ভিড সংক্রমণৰ গ্রাফ লাহে লাহে ওপৰলৈ উঠিছে । উদ্বেগো বৃদ্ধি পাইছে । এনে পৰিস্থিতিত ক’ভিড টিকাৰ বুষ্টাৰৰ দ্বিতীয় ড’জ লোৱা কিমান প্ৰয়োজনীয়, তাক লৈ প্রশ্ন উত্থাপন হৈছে ।

কেন্দ্রীয় চৰকাৰে মঙলবাৰে জনাইছে, ক’ভিড টিকাৰ বুষ্টাৰৰ দ্বিতীয় ড’জ লোৱাৰ কোনো প্রয়োজন নাই । কেন্দ্রীয় চৰকাৰৰ এটা সূত্র‌ই জনাইছে, প্রথমে সমগ্ৰ দেশত বুষ্টাৰ টিকাকৰণ সম্পন্ন কৰা প্ৰয়োজনীয় ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, মঙলবাৰে দেশত নতুনকৈ ক’ভিড আক্রান্ত হৈছে ১৩৪ জন । সক্রিয় ৰোগীৰ সংখ্যা সোমবাৰৰ তুলনাত কমিছে । মঙলবাৰে দেশত সক্রিয় ৰোগীৰ সংখ্যা হৈছে ২,৫৮২ ।

বিগত ২৪ ঘণ্টাত দেশত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ২২২ জন । বিগত ২৪ ঘণ্টাত দেশত ক’ভিড আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই । এই পর্যন্ত দেশত ক’ভিডত মৃত্যু হৈছে পাঁচ লাখ ৩০ হেজাৰ ৭০৭ জনৰ ।

এনে পৰিস্থিতিত সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত ক’ভিড পৰীক্ষাৰ বিষয়টো পৰ্যবেক্ষণ কৰিছিল কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মাণ্ডব্যয় । চীনত ক্রমশ ক’ভিড সংক্রমণ বৃদ্ধি পাইছে ।

চীনৰ পৰা যাতে দেশত সংক্রমণ বিয়পি নপৰে, সেয়ে সক্রিয় হৈছে কেন্দ্র । চীনসহ ছখন দেশৰ পৰা উভতি অহা যাত্রীৰ বাবে আগতেই কঠোৰ বিধি জাৰি কৰিছিল কেন্দ্র‌ই ।

সোমবাৰে এই ছখন দেশ স্পৰ্শ কৰি অহা বিমানত যিসকল ভাৰতত আহিব, তেওঁলোকৰ বাবেও জাৰি হৈছে কঠোৰ বিধিনিষেধ । নতুন নিয়ম অনুসৰি, এই ছখন দেশৰ বিমানবন্দৰ হৈ যিসমূহ আন্তর্জাতিক যাত্রী ভাৰতত আহিব, তেওঁলোকে বিমান ধৰাৰ ৭২ ঘণ্টা আগতে ক’ভিডৰ আৰটিপিচিআৰ ৰিপ’র্ট দাখিল কৰিব লাগিব ।

অৱশ্যে সেই ৰিপ’ৰ্ট নেগেটিভ হ’ব লাগিব । চীনসহ দক্ষিণ কোৰিয়া, থাইলেণ্ড, হংকং, জাপান, ছিংগাপুৰৰ ক্ষেত্রত এই নিয়ম জাৰি কৰা হৈছে ।

Exit mobile version