Farmer Protest : মহাৰাষ্ট্রত অভিনৱ প্রতিবাদ কৃষকৰ

1672737834 village

Farmer Protest :

ভূমি আছে যদিও তাৰ প্ৰমাণপত্ৰ নাই । প্রশাসনৰ দুৱৰে দুৱৰে ঘূৰিও লাভ হোৱা নাই । অৱশেষত প্রতিবাদৰ বাবে অভিনৱ পথ গ্ৰহণ কৰিলে মহাৰাষ্ট্রৰ কৃষকে । মাটিত পুতি থ’লে আধাঅংশ শৰীৰ । মাটিৰ ওপৰত থাকিল কেৱল মূৰ । প্রতিবাদৰ সেই ছবি এতিয়া ভাইৰেল হৈ পৰিছে ।

প্রতিবাদী কৃষকজনৰ নাম সুনীল যাদৱ । জালনা জিলাৰ বাসিন্দা । মহাৰাষ্ট্র চৰকাৰৰ কর্মবীৰ দাদাচাহেব গায়কোৱাৰ সৱলীকৰণ স্বাভিমান প্রকল্পৰ অধীনত ২০১৯ত তেওঁক ভূমি দিয়া হৈছিল ।

কৃষকজনে কয়, ‘‘২০১৯ত দাদাচহেব গায়কোৱাৰ প্রকল্পৰ অধীনত মোক দুই একৰ ভূমি দিয়া হৈছিল । কিন্তু এতিয়াও ভূমিৰ প্ৰমাণপত্ৰ পোৱা নাই । সেয়ে ম‌ই নিজকে কবৰ দিছো ।’’

সুনীলে স্পষ্টভাৱে জনাইছে, ভূমিৰ প্ৰমাণপত্ৰ নোপোৱা পর্যন্ত তেওঁ প্রতিবাদ অব্যাহত ৰাখিব । অৱশ্যে সুনীলেই প্রথম নহয়, ভিন্ন পথত পূৰ্বেও প্রতিবাদ কৰিছিল বহু লোকে ।

২০১৯ৰ নৱেম্বৰত দিল্লীত কেন্দ্রীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদত নামিছিল কৃষকসকল । চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ তেওঁলোকে ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল । পাছত সেই আইন প্রত্যাহাৰ কৰে মোদী চৰকাৰূ ।

কেৰালাত ভঙা-চিঙা পথৰ বাবেও অভিনৱ প্রতিবাদ কৰিছিল এজন লোকে । তেওঁ নলাত জমা হোৱা পানীৰে গা ধুইছিল । তাত কাপোৰো ধুইছিল । সেই ছবি ভাইৰেল হয় ।

Exit mobile version