India – China Conflict : ‘ সীমান্ত সমস্যাৰ সমাধানত দুয়োপক্ষৰ সদিচ্ছা আছে ‘, জনালে নতুন চীনা বিদেশমন্ত্রীয়ে

1672673612 border

India – China Conflict :

লাডাখ আৰু অৰুণাচল প্ৰদেশত সীমান্ত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে মুখ খুলিলে চীনৰ নতুন বৈদেশিক মন্ত্ৰী কিন গঙে ।

সোমবাৰে আমেৰিকাৰ এক সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “ভাৰতৰ স’তে সম্পৰ্ক উন্নত কৰাটো আমাৰ অগ্ৰাধিকাৰ তালিকাত আছে। ”

২০১৩ চনৰ পৰা ন বছৰ আৰু ন মাহ চীনৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ৱাং য়িয়ে ৩০ ডিচেম্বৰত পদত্যাগ কৰে । তেওঁৰ ঠাইত ৰাষ্ট্ৰপতি ছি জিনপিঙে চীনত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত গংগক নতুন বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

নতুন বৈদেশিক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি গঙে কয়, “চীনৰ দৃষ্টিত উন্নয়নৰ অৰ্থ হৈছে শান্তিৰ বাবে এক শক্তিশালী শক্তি হৈ উঠা। আমি স্থিতি ভংগ কৰিব নিবিচাৰো। ”

পূব লাডাখ, টাৱাঙত চীনা সামৰিক আক্ৰমণৰ পৰা আৰম্ভ কৰি জৈশ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ আব্দুল ৰউফক উগ্ৰপন্থীৰ আন্তঃৰাষ্ট্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰাত বাধা দিয়ালৈকে বিভিন্ন বিষয়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে।

গঙে জনাই যে নতুন দিল্লী-বেইজিং সম্পৰ্কৰ স্থিতি দুয়োপক্ষৰ সন্মতিৰ ওপৰত আধাৰিত কৰি আলোচনাৰ জৰিয়তে হে পুনৰুদ্ধাৰ কৰিব পাৰি। “সীমান্ত সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ বাবে দুয়োপক্ষৰ সদিচ্ছা আছে। ”

তেওঁ এইটোও দাবী কৰে যে টাইৱানৰ চাৰিওফালে শেহতীয়া উত্তেজনাৰ বাবে চীনৰ কোনো দায়বদ্ধতা নাই।গঙে কয়, “টাইৱানৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ বাবে পৰিস্থিতি পুনৰ উদ্ভৱ হৈছে ।”

একে সময়তে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নাম নোলোৱাকৈ তেওঁ কয় যে বেইজিং প্ৰতিখন ৰাজ্যৰ আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান জনোৱাৰ পক্ষপাতী।

Exit mobile version