International Monetary Fund : নৱবৰ্ষ বিশ্ব অৰ্থব্যৱস্থাৰ বাবে অধিক প্ৰত্যাহ্বানমূলক হ’ব : আই এমএফৰ মুৰব্বীৰ মন্তব্য

1672669354 economy

International Monetary Fund :

২০২৩ বৰ্ষটো যোৱা বছৰৰ তুলনাত আৰ্থিক দৃষ্টিকোণৰ পৰা অধিক কঠিন হোৱাৰ সম্ভাৱনা আছে। আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ প্ৰবন্ধক নির্দেশক ক্ৰিষ্টালিনা জিঅ’জিএভাই ‘চিবিএছ ছানডেৰ’ ‘ফে’চ দ্য নেচন’ অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰিলে।

আইএমএফৰ মুৰব্বীয়ে এই অনুষ্ঠানত কয় যে ২০২৩ বৰ্ষতো গোলকীয় বিকাশৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰা আমেৰিকা, ইউৰোপ আৰু চীনৰ অর্থনৈতিক ব্যৱস্থাৰ বাবে হতাশজনক হোৱাৰ বহু সম্ভাৱনা আছে।

ক্রিষ্টালিনাই লগতে কয় যে তিনি বৃহৎ অর্থনৈতিক ব্যৱস্থা আমেৰিকা, ইউৰোপীয় সংঘ আৰু চীনৰ আৰ্থিক বিকাশৰ হাৰ ইতিমধ্যে অৱনমিত হ’বলৈ ধৰিছে।

এয়া অব্যাহত থাকিলে ২০২৩ বৰ্ষত গোলকীয় অর্থনীতিৰ অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে। আইএমএফে ২০২৩ বৰ্ষৰ বাবে গোলকীয় আর্থিক বিকাশৰ পূর্বানুমানো হ্ৰাস কৰিছে।

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ, বর্ধিত মুদ্রাস্ফীতিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ প্ৰায়বোৰ দেশৰ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হোৱাত অৰ্থনীতিত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰা বুলি আইএমএফৰ মুৰব্বীয়ে জানিবলৈ দিয়ে৷

ক্ৰিষ্টালিনাৰ মতে, বৰ্তমানৰ পৰিস্থিতি বৰ্ষজুৰি অব্যাহত থাকিলে ২০২৩ বৰ্ষটো গোলকীয় অর্থনীতিৰ বাবে যথেষ্ট প্রত্যাহ্বানমূলক হ’ব।

ক্রিষ্টালিনাই লগতে কয় যে বিগত ৪০ বছৰত প্ৰথমবাৰৰ বাবে ২০২২ বৰ্ষত চীনৰ আৰ্থিক বিকাশ গোলকীয় আর্থিক বিকাশৰ প্ৰায় সমান অথবা হ্রাস পালে।

Exit mobile version