Mumbai Metro : মুম্বাই মেট্র’ৰ বন্ধ দুৱাৰত লাগি ধৰিল মহিলাৰ পোছাক

চাওক ইয়াৰ পাছৰ শিহৰণকাৰী দৃশ্য

WhatsApp Image 2023 01 03 at 21.02.13

Mumbai Metro :

মেট্র’ৰ বন্ধ দুৱাৰৰ মাজত মহিলাৰ পোছাক লাগি ধৰিছিল । বহু টনা-আজুৰাৰ পাছতো বন্ধ দুৱাৰৰ পৰা ওলিয়াব পৰা নাযায় । সেই অৱস্থাতে মেট্র’ চলিবলৈ লয় । লগত মহিলাগৰাকীকো টানি প্লেটফর্মৰ শেষ পর্যন্ত লৈ যায় ।

ষ্টেচনৰ এজন যাত্রীৰে মেট্র’চালকক ঘটনা সন্দৰ্ভত জনোৱাৰ চেষ্টা কৰে যদিও লাভ নহয় । মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাহে কোনো নিৰাপত্তাৰক্ষীও ।

এই ছবি মুম্বাইৰ চকলা মেট্র’ ষ্টেচনৰ চিচিটিভিত বন্দী হৈছে । এই ঘটনাক লৈ সম্প্রতি মুম্বাই মেট্ৰ’ কর্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ হৈছে মহিলাগৰাকী ।

সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, ২১ অক্টোবৰত চকলা ষ্টেচনত সন্ধিয়া চাৰি বাজি ১০ মিনিটত সংঘটিত ঘটনাত গুৰুতৰভাৱে আহত হয় গৌৰীকুমাৰী চাও ।

পাছত তেওঁক উদ্ধাৰ কৰি অন্ধেৰিৰ এখন হাস্পাতালত ভর্তি কৰোৱা হয় । হাস্পাতালৰ পৰা ওলোৱাৰ পাছত চকলা থানাত মুম্বাই মেট্র’ৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ।

২১ অক্টোবৰৰ এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে । যদিও এই ভিডিঅ’ৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে । ৪৫ ছেকেণ্ডৰ ভিডিঅ’ ফুটেজত দেখা গৈছে, চকলা ষ্টেচনত মেট্র’ৰ বন্ধ দুৱাৰত গৌৰীৰ পোছাকৰ অংশ লাগি ধৰিছে । সেইটো টানি ওলিয়াই অনাৰ চেষ্টা কৰিছে গৌৰীয়ে ।

তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে ষ্টেচনৰ এজন যাত্রী । অৱশ্যে মেট্র’চালকক ইংগিত দিয়ে যদিও ৰৈ নাযায় । মহিলাগৰাকীৰ পোছাক লাগি থকা অৱস্থাতে ট্রেইনখন চলিবলৈ লয় । আনকি, গতি বৃদ্ধি পোৱাত চলন্ত মেট্র’ৰ স’তে প্লেটফর্মত চুচৰি যায় গৌৰী ।

এজন যাত্রীয়ে ততাতৈয়াকৈ আহি গৌৰীক দাঙিবলৈ ধৰে যদিও সফল নহয় । তেওঁকো টানি প্লেটফর্মৰ শেষ পৰ্যন্ত লৈ যায় মেট্র’খনে । অৱশেষত, অৱশ্যে গৌৰীক উদ্ধাৰ কৰিবলৈ সফল হয় ষ্টেচনৰ সহযাত্রীসকল ।

তেওঁক গুৰুতৰ আহত অৱস্থাত ষ্ট্ৰেচাৰত অন্ধেৰিৰ হাস্পাতাললৈ লৈ যোৱা হয় । অভিযোগ, গৌৰীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাহে ষ্টেচনৰ ৰক্ষীসকল । যদিও গৌৰীৰ চিকিৎসাৰ সকলো ব্যয় বহন কৰিছে মেট্র’ কর্তৃপক্ষ‌ই ।

অৱশ্যে সুস্থ হোৱাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে গৌৰীয়ে । মুম্বাই মেট্র’ কর্তৃপক্ষৰ বিৰুদ্ধে কর্তব্য গাফিলতি আৰু যাত্রী সুৰক্ষাত অপর্যাপ্ত ব্যৱস্থাৰ অভিযোগ কৰিছে গৌৰীয়ে ।

Exit mobile version