Amit Shah : জানুৱাৰীত ১১ ৰাজ্য ভ্রমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে

amit shah 0

Amit Shah :

কেন্দ্ৰৰ শাসকীয় বিজেপিয়ে ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্রস্তুতি ব্যাপক কৰি তুলিছে। চলিত মাহতে বিজেপিয়ে লোকসভাৰ নিৰ্বাচনক লক্ষ্য হিচাপে লৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিব।

বিজেপিৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ‘লোকসভা প্রবাস’ নামৰ এক অভিযানৰ জৰিয়তে জানুৱাৰীত দেশৰ ১১ খন ৰাজ্য ভ্ৰমণ কৰিব।

উত্তৰ পূৰ্বাঞ্চলৰ পৰা শ্বাহে দলৰ এই অভিযান আৰম্ভ কৰিব। অহা পাঁচ আৰু ছয় জানুৱাৰীত ত্ৰিপুৰা, নগালেণ্ড আৰু মণিপুৰ ভ্ৰমণ কৰিব শ্বাহে।

সাত জানুৱাৰীত চত্তিছগড় আৰু ঝাৰখণ্ড আৰু ইয়াৰ পাছত আঠ জানুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ লগতে দক্ষিণৰ অন্যান্য ৰাজ্যত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্রী। ২৮ জানুৱাৰীত শ্বাহে কৰ্ণাটক ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

Exit mobile version