Assam Saurav Award : ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

WhatsApp Image 2023 01 04 at 20.31.33

Assam Saurav Award :

আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দ কঢ়িয়াই আনিছে ৷

বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী হৈ পৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়ো অসম সৌৰভ বটাঁত মোৰ নামটো দেখি বহুত ভাল লাগিল৷ মই নিজকে লৈ কিছু হ’লেও গৌৰৱ অনুভৱ কৰিছো ৷”

সাংবাদিকৰ সৈতে মত বিনিময় কৰি নাট্যযোদ্ধা কৃষ্ণ ৰয়ে পুনৰায় কয়, “সুদীৰ্ঘকাল মই ভ্ৰম্যমাণ থিয়েটাৰ আৱাহনৰ যোগেৰে অসম বিভিন্ন প্ৰান্তত ৰাইজৰ পৰা আদৰ আৰু মৰম লাভ কৰিছো ৷

এতিয়া মোৰ বয়স হৈছে, সেইবাবেই আৱাহন থিয়েটাৰ চলাই নিবলৈ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক দায়িত্ব প্ৰদান কৰা হৈছে যদিও মাজে সময়ে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছো ৷

আৱাহন থিয়েটাৰৰ পূৰ্বে মঞ্চৰত্ন ৰতন লহকৰৰ সৈতে কহিনুৰ থিয়েটাৰৰ প্ৰযোজনা কৰা কৃষ্ণ ৰয়ে এই চেগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সকলো কেবিনেট মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বজালী আৰু অসমবাসী ৰাইজক তেওঁ লাভ কৰি অহা মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

অসম সৌৰভ বটাঁৰে সন্মানিত কৃষ্ণ ৰয়ক আজি বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে ৷

Exit mobile version