Bollywood : চৰকাৰী চাকৰি এৰি কোন চাৰিজন অভিনেতাই অভিনয়ক কেৰিয়াৰ হিচাপে লৈছিল ! 

cinema duara

Bollywood :

৭০-৮০ দশকত বলীউডৰ চুপাৰষ্টাৰৰ কোনো গডফাডাৰ নাছিল । বহু সংগ্ৰামৰ পাছত একোজন অভিনেতা চুপাৰষ্টাৰৰ শীৰ্ষত উপণীত হৈছিল ।

ইয়াৰ মাজত এনে কিছু অভিনেতা আছিল ,যিক’জনে চৰকাৰী চাকৰি এৰি বলীউডত খোজ পেলাইছিল । আজি এই প্ৰতিবেদনত এনে একোজন অভিনেতাৰ বিষয়ে জ্ঞাত কৰিম ,যিকে’জন অভিনেতাই চৰকাৰী চাকৰি এৰি বলীউডত চুপাৰষ্টাৰ হোৱাৰ লগতে একোজন সফল অভিনেতা হৈছিল ।

ৰাজকুমাৰ :– ৬০ দশকত ৰাজকুমাৰ আছিল লেজেণ্ডাৰী অভিনেতা । তেওঁ বলীউডত প্ৰৱেশ কৰিবলৈ চৰকাৰী চাকৰি এৰিছিল । ১৯৫২ চনত মুম্বাইত আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি কৰিছিল ৰাজকুমাৰে । ইয়াৰপাছত তেওঁ অভিনয় কৰোতে কৰোতে হৈ পৰিছিল বলীউডৰ চুপাৰষ্টাৰ ।

দেবানন্দ :– বলীউডৰ চিৰসেউজ অভিনেতাৰ তালিকাৰ শীৰ্ষস্থানত থকা অন্যতম অভিনেতা হ’ল দেবানন্দ । সুদৰ্শন চেহেৰা আৰু অভিনয় দক্ষতাৰ বাবে তেওঁ বলীউডৰ চুপাৰষ্টাৰ হৈছিল । বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ মুম্বাই চেন্সৰ বৰ্ডত কেৰাণী চাকৰি কৰিছিল । তেওঁৰ বেতন আছিল ১৬৫ টকা । চৰকাৰী চাকৰিৰ এই আৰামদায়ক জীৱন এৰি তেওঁ বলীউডত প্ৰৱেশ কৰি সফল হৈছিল ।

ৰজনীকান্ত :– দক্ষিণ ভাৰতীয় ছবিজগতৰ চুপাৰষ্টাৰ ৰজনীকান্তক কোনে চিনি নাপায় ? আজিৰ তাৰিখত তেওঁ বলীউডৰ লগতে দক্ষিণৰো চুপাৰষ্টাৰ । উল্লেখ্য যে , তেওঁ হৈছে আটাইতকৈ বেছি উপাৰ্জন কৰা অভিনেতা । তেওঁ বহুখিনি প্ৰত্যাহ্বান নেওচি এই পৰ্যায়ত উপণীত হৈছে । ছবিজগতলৈ অহাৰ পূৰ্বে তেওঁ আছিল বাংগালোৰ ট্ৰান্সপৰ্টৰ এজন কণ্ডাক্টৰ । ইয়াৰপাছতহে তেওঁ ছবিজগতত প্ৰৱেশ কৰি কঠোৰ সংগ্ৰামৰ অন্ততঃ চুপাৰষ্টাৰ হয় ।

শিৱাজী সত্যম :– হিন্দী টেলিভিছনৰ জনপ্ৰিয় টিভি শ্ব’ চিআইডিৰ এচিপি প্ৰদ্যুমন চৰিত্ৰত অভিনয় কৰিছিল শিৱাজী সত্যমে । ইয়াৰপূৰ্বে তেওঁ এটা বেংকত চাকৰি কৰিছিল । অভিনয় কৰাৰ তাগিদাত তেওঁ বেংকৰ চাকৰি এৰিবলৈ বাধ্য হৈছিল।

Exit mobile version