Dhubri Airport : বিমানবন্দৰৰ বাবে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে

ধুবুৰীত ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদী ৰাইজ

3bff43fb c2f2 4fd5 905d 784701124f39

Dhubri Airport :

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে ধুবুৰীৰ লালকুৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ উল্লেখ্য যে ধুবুৰীৰ ৰূপচী বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অনুৰোধমৰ্মে গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত দুখন গাঁৱৰ মাটি অধিগ্ৰহণৰ বাবে যাবতীয় পদক্ষেপ লৈছে ধুবু্ৰী জিলা প্ৰশাসনে ৷

ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই লালকুৰা প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ মাটিৰ জৰিপ আৰম্ভ কৰাৰ পাছতে ক্ষোভিত হৈ পৰে স্থানীয়লোক সকল ৷

মঙলবাৰে মাটি অধিগ্ৰহণৰ বাবে অঞ্চলটোত উপস্থিত হৈ লাটমণ্ডলে জোখমাখ কৰাৰ সময়তে একাংশ লোকে বাধাপ্ৰদান কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে আাকাশ বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদী ৰাইজৰ হুংকাৰ ‘তেজ দিম ,কিন্ত মাটি নিদিম ৷ উত্তেজিত ৰাইজৰ উত্তাল প্ৰতিবাদৰ পাছতে সেই স্থান ত্যাগ কৰে লাটমণ্ডল সহ বিষয়া দলটো৷ সম্প্ৰতি চেপা উত্তেজনা অব্যাহত আছে লালকুৰাৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড অঞ্চলত ৷

Exit mobile version