Online Games : এতিয়াৰে পৰা অনলাইন গেম খেলিলে দিব লাগিব কেৱাইচি, দাখিল কৰিব লাগিব ধনৰ হিচাপো

gaming cybercrime KYC 1000x600 1

Online Games :

কেন্দ্ৰীয় চৰকাৰে অনলাইন গেমিং কোম্পানীৰ বাবে প্ৰস্তুত কৰা প্ৰস্তাৱিত খচৰা সোমবাৰে ৰাজহুৱা কৰিলে। গেমিং কোম্পানীসমূহে স্বনিয়ামক ব্যৱস্থা আৰু অনলাইন গেমৰ খেলুৱৈসকলৰ অনিবার্য সত্যাপন (কেৱাইচি) ৰ ব্যৱস্থা কৰিব লাগিব।

কোম্পানীসমূহে এজন অভিযোগ গ্ৰহণকাৰী বিষয়াকো নিযুক্তি দিব লাগিব। অনলাইন গেম নিয়ন্ত্ৰণৰ বাবে চৰকাৰে প্ৰস্তুত কৰা এই খচৰাৰ সন্দৰ্ভত অহা ১৭ জানুৱাৰীৰ ভিতৰত সংশ্লিষ্ট পক্ষৰ পৰা চৰকাৰে মতামত বিচাৰিছে।

তথ্য প্রযুক্তি মন্ত্রণালয়ে অনলাইন গেমিং কোম্পানীৰ বাবে আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে। নতুন আইন প্ৰৱৰ্তিত হ’লে অনলাইন গেম খেলুৱৈসকলে নিজৰ কেৱাইচি দাখিল কৰিব লাগিব।

১৮ বছৰৰ তলৰ বয়সৰ খেলুৱৈৰ ক্ষেত্ৰত কোম্পানীসমূহে বিশেষ কেতবোৰ ব্যৱস্থা যেনে পিতৃ-মাতৃৰ সন্মতি আদিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

তদুপৰি অনলাইন গেমৰ জৰিয়তে খেলুৱৈসকলে উপাৰ্জন কৰা ধনৰ সবিশেষো চৰকাৰক অৱগত কৰিব লাগিব। অনলাইন গেম কোম্পানীয়ে আর্থিক লেনদেনৰ সকলো হিচাপ চৰকাৰক জনাব লাগিব।

উল্লেখ্য যে দেশৰ ভিতৰতে তেলেংগানাত ২০১৭তে অনলাইন গেমিং বিষয়ক প্রথম আইন প্ৰৱৰ্তন কৰা হৈছিল। অনলাইন জুৱা খেল নিষিদ্ধকৰণৰ বাবেও তেলেংগানা চৰকাৰে এই আইনৰ জৰিয়তে ব্যৱস্থা লৈছিল।

Exit mobile version