Pakistan : পাকিস্তানত প্রতি কিলো আটাৰ মূল্য ৬৪ টকা, চেনি ৮৯ টকা হ’ল

2023 1image 15 29 442263597aata ll

Pakistan :

চৰম আর্থিক সংকটৰ সন্মুখীন হৈ অহা পাকিস্তানত খাদ্য দ্ৰব্যৰ মূল্যবৃদ্ধি অব্যাহত আছে। আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশখনৰ নাগৰিকক জুৰুলা কৰিছে।

মূল্যবৃদ্ধি প্ৰতিৰোধত শ্বাহবাজ শ্বৰীফৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে পুনৰ পাকিস্তানৰ বজাৰত বিভিন্ন খাদ্যদ্রব্যৰ মূল্য ২৫ৰ পৰা ৬২ শতাংশলৈকে বৃদ্ধি পালে।

আটা, চেনি আৰু ঘিঁউৰ মূল্য ২৫ৰ পৰা ৬২ শতাংশ বৃদ্ধি পালে। প্রতি কিলোগ্রাম চেনিৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৮৯ টকালৈ বৃদ্ধি পালে।

ইফালে, ঘিঁউৰ প্ৰতি কিলোৰ মূল্য ৭৫ টকা বৃদ্ধিৰ ফলত ৩৭৫ টকা হ’ল। একেদৰে প্রতি কিলোগ্রাম আটাৰ মূল্য ৬২ শতাংশ বৃদ্ধি পালে। ৪০ টকাৰ মূল্যত বিক্ৰী হোৱা প্ৰতি কিলো আটাৰ মূল্য সম্প্রতি ৬৪.৮ টকালৈ বৃদ্ধি পালে।

Exit mobile version