Air Port : বিশ্বত এতিয়াও এনে কে’খনমান দেশ আছে

য'ত নাই এটাও বিমানকোঠ !

WhatsApp Image 2023 01 05 at 15.35.58

Air Port :

একবিংশ শতিকাৰ এনে ক্ষণতো বিশ্বত এতিয়াও এনে বহু দেশ আছে , য’ত নাই এটাও বিমানকোঠ । যান্ত্ৰিক পৃথিৱীত সকলো বস্তু যেন এতিয়া হাতৰ মুঠিত । সাত সাগৰ তেৰ নদী পাৰ হৈ যাবলৈ এতিয়া সময় লাগে মাত্ৰ এদিন বা দুদিন ।

সময় বচোৱাৰ উৎকৃষ্ট পৰিবহন ব্যৱস্থা হৈছে বিমান পৰিবহন । অতি দ্ৰুততম এই ব্যৱস্থাৰ যোগেদি আপুনি এদিনতে ঘূৰিব পাৰিব সমগ্র দেশ । আনকি যুদ্ধক্ষেত্ৰতো বিমানসেৱাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে ।

বিমানসেৱাৰ দ্ৰুত প্ৰচলনৰ হেতু বহু বিমান কৰ্তৃপক্ষ এতিয়া সাংঘাতিক চাপত পৰা দেখা গৈছে । আৰম্ভ কৰিছে নতুন বিমানকোঠ নিৰ্মাণৰ কাম । কিন্তু এনে সময়তো বিশ্বৰ বহুকে’খন দেশত এতিয়াও নাই এটা বিমানকোঠ ।

এতিয়া প্ৰশ্ন উঠিছে কেনেকৈ এটাও বিমানকোঠ নোহোৱাকৈ এখন দেশ চলিছে ? আচৰিত যেন লাগিলেও এইয়াই সত্য যে পৃথিৱীত এতিয়াও পাঁচখন দেশ আছে য’ত আজিও স্থাপন কৰা হোৱা নাই বিমানকোঠ ।

উল্লেখ্য যে , বিমানকোঠ নথকা এই পাঁচখন ৰাষ্ট্ৰ আছে বিশ্বৰ অন্যতম উন্নত মহাদেশ ইউৰোপত । ইউৰোপ মহাদেশৰ এই পাঁচখন দেশ হৈছে , মোনাকো , চান মাৰিনো , এণ্ডোৰা , লিশটেনষ্টাইন আৰু ভেটিকান চিটি ।

 মোনাকো হ’ল পশ্চিম ইউৰোপৰ সৰু এখন মাতৃ ৰাষ্ট্ৰ । ভেটিকান চিটিৰ পাছতেই বিশ্বৰ সবাতোকৈ সৰু দেশ হ’ল এই মোনাকো ।

ইয়াৰ পাছতে আছে ইটালীৰ কাষতে লাগি থকা অন্য এখন সৰু দেশ চান মাৰিনো । ৬১ বৰ্গ কিলোমিটাৰ ওপৰত অৱস্থিত এইখন এখন সৰু প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ ।

সমান্তৰালকৈ এণ্ডোৰা হ’ল ইউৰোপৰে আন এখন সৰু দেশ । যিখন ফ্ৰান্স আৰু স্পেইনৰ মাজত অৱস্থিত । ৪৬৮ বৰ্গকিলোমিটাৰ অঞ্চলজুৰি আৱৰি থকা এই সৰু দেশখনৰ এক বৃহৎ অঞ্চল পাহাৰেৰে আবৃত্ত হৈ আছে ।

লিশটেনষ্টাইন , এই দেশখনো ইউৰোপতে অৱস্থিত । মধ্য ইউৰোপৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ মুঠ ভূখণ্ড হৈছে ১৬০ বৰ্গকিলোমিটাৰ ।

একেদৰে বিশ্বৰ সবাতোকৈ সৰু দেশ হ’ল ভেটিকান চিটি । যিখন দেশ ৰোমত অৱস্থিত এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ । উল্লেখ্য যে , এই পাঁচখন ৰাষ্ট্ৰত এইপৰ্যন্ত নাই এটাও বিমানকোঠ ।

Exit mobile version