Covid 19 in China : বেইজিঙৰ চিকিৎসালয়ত বিছনাৰ বাবে হাহাকাৰ , হুইলচেয়াৰতে পৰি ৰৈছে বহুৰোগী

WhatsApp Image 2023 01 05 at 20.55.13

Covid 19 in China :

ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগেই, বেইজিংৰ চিকিৎসালয়ত দেখা পোৱা গৈছে বিছনাৰ অভাৱ ।কে’বাটাও প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

ADVERTISEMENT

https://twitter.com/zhanglifan/status/1607429922007683073?s=20&t=nxBodKHA_sqZagHwaDmELw

কেৱল সেয়াই নহয়, সম্প্ৰতি তেনে এক ভিডিঅ’ও প্ৰকাশ্যেত আহিছে ।

ভিদিঅ’টোত দেখা গৈছে কিছুলোক চিকিৎসালয়ৰ মজিয়াত পৰি আছে, কিছুলোকে অক্সিজেন পাইপ লগাই হুইল চেয়াৰতে বহি আছে। বহুতে আকৌ ষ্ট্ৰেচ্ছাৰতে বহি আছে।

বেইজিংৰ চিকিৎসালয়সমূহত এনে ভয়ংকৰ ছবি প্ৰকাশ্যেত আহিছে। চিকিৎসক আৰু নাৰ্ছসকলৰ ওপৰত এতিয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চাপ ।

যদিও চীনৰ বিৰুদ্ধে ক’ভিড পৰিস্থিতিৰ প্ৰকৃত ছবি গোপনে ৰখাৰ অভিযোগ উত্থাপিত হৈছে ।

এটা ব্ৰিটিছ স্বাস্থ্য সংস্থাই কিছুদিনৰ আগতে দাবী কৰে যে চীনত প্ৰতিদিনে ন হেজাৰ লোক ক’ভিড-১৯ ত মৃত্যু হৈছে । আক্ৰান্তসকলৰ সংখ্যাও এক ভয়ানক ৰূপ লৈছে।

চীনৰ এই পৰিস্থিতিৰ বাবে দায়ী অমি’ক্ৰনৰ দুটা উপপ্ৰকাৰ বিএ. ৫.২ আৰু বিএফ.৭ । বুধবাৰে এক বিবৃতি জাৰি কৰি এই কথা জনালে বিশ্ব স্বাস্থ্য সংস্থাই ।

হু – য়ে জনাইছে, চীনত ৯৭.৫ শতাংশ লোক এই দুটা উপ প্ৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈছে। একে সময়তে, বিশ্ব স্বাস্থ্য সংস্থাই লগতে জনাই যে যদিও চীনে ক’ভিড সম্পৰ্কীয় পৰিসংখ্যা প্ৰকাশ কৰিছে, সেই তথ্যত ত্ৰুটি আছে।

তথ্যবোৰ লুকুৱাবলৈ এটা প্ৰয়াস কৰা হৈছে। চীনে মৃত্যুৰ সংখ্যাও হ্ৰাস কৰিছে। হু- য়ে এনে অভিযোগ উত্থাপন কৰিছে।

Exit mobile version