Stray Dogs : পথৰ কুকুৰক গুলীয়াই হত্যা ! বিহাৰত দুদিনত নিহত ২৪

States Kerala stray dogs

Stray Dogs :

বিহাৰত পথৰ কুকুৰক গুলীয়াই হত্যা কৰা হৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে শ্বুটাৰ নিযুক্তি দিছে বুলি দাবী সংবাদ মাধ্যমৰ । বিগত দুদিনত বেগুছৰাই জিলাত ২৪টা পথৰ কুকুৰ নিহত হৈছে । বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা ।

যোৱা মঙলবাৰে ১৫টা কুকুৰ হত্যা কৰা হৈছে । বুধবাৰে হত্যা কৰা হৈছে আৰু নটা কুকুৰ । বিগত সপ্তাহত ১২টা পথৰ কুকুৰ হত্যা কৰা হৈছে । এই ঘটনাই টোলপাৰ লগাইছে বিহাৰত ।

কিন্তু কিয় পথৰ কুকুৰক হত্যা কৰা হৈছে ? চৰকাৰী বিষয়াসকলে জনাইছে, বেগুছৰাই জিলাৰ বাচ্ছৱাৰা ব্লকৰ বিভিন্ন গাঁৱচ পথৰ কুকুৰৰ আক্ৰমণৰ বলি হৈছে বাসিন্দাসকল । বিশেষকৈ, মহিলাসকল বলি হৈছে ।

যোৱা দেওবাৰে জিলা চিকিৎসালয়ত কুকুৰৰ কামোৰত মৃত্যু হৈছে এগৰাকী মহিলাৰ । সোমবাৰে পথাৰত কাম কৰি থকাৰ সময়ত কুকুৰৰ আক্রমণত আহত হৈছে তিনিগৰাকী মহিলা । তেওঁলোক হাস্পাতালত চিকিৎসাধীন ।

বিগত এবছৰচ কুকুৰৰ আক্রমণত নগৰাকী মহিলাৰ মৃত্যু হৈছে । আহত হৈছে একাধিক । কুকুৰৰ আতংকত দিন কটাইছে গাঁওবাসীয়ে । বিগত মাহত চাৰিজনৰ মৃত্যু হৈছে । যাৰ বাবে পথৰ কুকুবোৰৰ হত্যা কৰা হৈছে ।

কিন্তু কুকুৰবোৰ ইমান হিংস্র কিয় হৈছে ? বিশেষজ্ঞসকলৰ একাংশৰ মতে, গাঁওবাসীসকলে মৃত পশুৰ দেহ উন্মুক্ত স্থানত পেলাই দিয়ে । যাৰ ফলত সেইবোৰ কুকুবোৰে খায় । সেয়ে সিহঁত হিংস্র হৈছে ।

Exit mobile version