Elderly doctor’s money looted :মহানগৰীত পুনৰ প্ৰৱঞ্চকে লুটিলে অৱসৰপ্ৰাপ্ত চিকিৎসকৰ বৃহৎ পৰিমাণৰ ধন

WhatsApp Image 2023 01 06 at 16.10.52

Elderly doctor’s money looted :

ক্ৰাইম মেপ প্ৰস্তুত কৰা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তালয় তৎপৰ হোৱাৰ বিপৰীতে স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ইটোৰ পিছত সিটোকৈ অপৰাধজনিত কাৰ্য অব্যাহত ৰাখিছে অপৰাধীয়ে ৷

শেহতীয়াকৈ শুক্ৰবাৰে মহানগৰীৰ সদাব্যস্ত উজানবজাৰৰ এটা এটি এমত এগৰাকী অৱসৰ প্ৰাপ্ত চিকিৎসকৰ পৰা দুৰ্বৃত্তই অতি কৌশলৰে লুট কৰি নিয়ে প্ৰায় এক লাখ বাৰ হেজাৰ ধন৷

প্ৰাপ্ত খবৰ অনুসৰি,ডা: প্ৰসেনজিৎ বৰা নামৰ বয়োবৃদ্ধ গৰাকীয়ে উজানবজাৰৰ এটা এ টি এম পৰা এ টি এম কাৰ্ডৰ জৰিয়তে উলিয়াইছিত নগদ তিনিহাজাৰ টকা ৷

কিন্ত চিকিৎসকে জনে মেচিনটোতৰ পৰা তেওঁৰ কাৰ্ড খন ওলায় নহাত সমীপস্থ বেংকটোত সুধিবলৈ যাওঁতেই ইতিমধ্যে তেওঁক অনুকৰণ কৰি থকা দুৰ্বৃত্তই কাৰ্ড খনৰ জৰিয়তে বহু টকা উলিয়াই নিয়ে ৷আনকি পৰৱৰ্তী সময়ত কাৰ্ড চুয়াইপ কৰি বজাৰ কৰিও ধন উঠাই নিয়ে দুৰ্বৃত্তই

আনহাতে তেওঁ বেংকত গৈ একাউণ্টৰ বেলেন্স পৰ্যবেক্ষণ কৰাত নিশ্চিত হয় যে দুৰ্বৃত্তই ইতিমধ্যে তেওঁৰ একাউণ্টৰ পৰা লুটি নিছে একলাখ বাৰ হাজাৰ টকা ৷
ঘটনা সন্দৰ্ভত ভুক্তভোগী চিকিৎসক গৰাকীয়ে লতাশিল থানাত দাখিল কৰিছে এজাহাৰ ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উজানবজাৰত ৷

Exit mobile version