Plane Crash : মন্দিৰৰ চূড়াত খুন্দা প্রশিক্ষণৰত বিমানৰ ! মৃত্যু চালকৰ

WhatsApp Image 2023 01 06 at 17.37.05 1

Plane Crash :

মন্দিৰত খুন্দা খাই ভাঙি পৰিল প্রশিক্ষণৰত বিমান । এই ঘটনা সংঘটিত হৈছে মধ্যপ্রদেশৰ ৰেৱা জিলাৰ চোৰহাটাত । ঘটনাস্থলীতেই মৃত্যু হয় প্রশিক্ষণৰত বিমান চালকৰ ।

এই দুর্ঘটনাত বিমানত থকা আন এজন যাত্রী আহত হৈছে বুলি সূত্রৰ খবৰ । শুকুৰবাৰে পুৱা প্রশিক্ষণৰ সময়ত এটা মন্দিৰৰ চূড়াত খুন্দা লাগে বিমানখন । ইয়াৰ পাছতে বিমানত জুই লাগি যায় ।

স্থানীয় সূত্রে খবৰ, বিমানখন খুন্দা লগাৰ বাবে মন্দিৰৰ একাংশ ক্ষতিগ্রস্ত হৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কিহৰ বাবে এই দুর্ঘটনা সংঘটিত হ’ল, সেয়াও পৰ্যৱেক্ষণ কৰিছে আৰক্ষীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্রশিক্ষণৰ বাবে বিমান লৈ ওলাইছিল চালকজন । লগত আন এজন ব্যক্তিও আছিল । বিমান চালোৱাৰ সময়ত হঠাৎ নিয়ন্ত্রণ হেৰুৱাই চোৰহাটাৰ এটা মন্দিৰৰ চূড়াত খুন্দা লাগি বিমানখন মাটিত পৰি যায় । লগে লগে অগ্নি সংযোগ হয় বিমানখনত । দুর্ঘটনাৰ পাছত পাইলটজন গুৰুতৰভাৱে আহত হয় ।

স্থানীয়সকলে তেওঁক উদ্ধাৰ কৰি সঞ্জয় গান্ধী হাস্পাতালত লৈ যায় যদিও চিকিৎসকসকলে তেওঁক মৃত ঘোষণা কৰে । চালকৰ সহযাত্রী বৰ্তমান সেই হাস্পাতালে চিকিৎসাধীন বুলিও স্থানীয় সূত্রে খবৰ ।

Exit mobile version