BJP SPL Meeting : প্ৰদেশ বিজেপিৰ সাংগাঠনিক সভাত মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ অংশগ্ৰহণ

WhatsApp Image 2023 01 10 at 20.13.48 1

BJP SPL Meeting :

লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ থকা অৱস্থাত ৰাজ্যিক বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ সেই অনুসৰি আজি মহানগৰীৰ বশিষ্টস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মূল সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয় ৷ বৈঠকত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল সহ জ্যেষ্ঠ নেতৃবৰ্গই ৷

প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,ভাৰত মাতা আৰু আমাৰ দলৰ আদৰ্শবাদী ব্যক্তিত্ব পণ্ডিত দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হোৱা বৈঠকত দলটোক সকলো স্তৰতে শক্তিশালী কৰাৰ সম্পৰ্কীয় কেইবাটাও মূল বিষয়ত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷

বৈঠকত দলৰ উন্নত সাংগঠনিক কাম-কাজৰ সুবিধাৰ বাবে বুথ পৰ্যায়ৰ পৰিকল্পনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অঞ্চলটোৱে লাভ কৰি থকা অভূতপূৰ্ব উন্নয়নৰ বাৰ্তা তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ দিশতো গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে এই বৈঠকতে অসমত ৱাই-২০ৰ বৈঠক আৰু ২৪ জানুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্দৰ্ভতো আলোচনা কৰা হয়।

বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণীন্দ্ৰ নাথ শৰ্মা,কেইবা গৰাকী মন্ত্ৰী- বিধায়কে ধৰি অন্যান্য মূল সমিতিৰ সদস্যসকল উপস্থিত থাকে।

Exit mobile version