Oscar Award : অস্কাৰ ২০২৩ ৰ মনোনয়ন তালিকাত অন্তৰ্ভু্ত হ’ল ‘ দ্য কাশ্মীৰ ফাইলছ ‘

The Kashmir Files 1200by667 1 1

Oscar Award :

বিবেক অগ্নিহোত্ৰী পৰিচালিত চলচ্চিত্র ‘দ্য কাশ্মীৰ ফাইলছ’অস্কাৰ ২০২৩ৰ বাবে মনোনীত হ’ল। অনুপম খেৰ আৰু মিথুন চক্ৰৱৰ্তী অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ শ্ৰেণীতো মনোনীত হ’ল।

পৰিচালক অগ্নিহোত্ৰীয়ে মঙলবাৰে টুইটৰ জৰিয়তে এই কথা সদৰী কৰিলে। এইবাৰ ভাৰতৰ পৰা পাঁচখনকৈ চলচ্চিত্র অস্কাৰলৈ প্ৰেৰণ কৰা হৈছিল।

অস্কাৰ ২০২৩ত মনোনয়ন তালিকাত ‘দ্য কাশ্মীৰ ফাইলছ’ অন্তৰ্ভুক্ত হোৱাত আনন্দ প্রকাশ কৰিলে ছবিখনৰ পৰিচালক অগ্নিহোত্ৰীয়ে।

অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী,দর্শন কুমাৰ অভিনীত ছবিখনে অস্কাৰৰ মনোনয়ন তালিকাত স্থান লাভ কৰিলেও আন কে’বাখনো বিদেশী চলচ্চিত্ৰৰ স’তে ‘দ্য কাশ্মীৰ ফাইলছ’ প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব লাগিব।

উল্লেখ্য যে অস্কাৰ-২০২৩ৰ মনোনয়ন তালিকাত এইবাৰ ভাৰতীয় চলচ্চিত্ৰ হিচাপে ‘আআআৰ’,‘কান্তাৰা’, ‘গংগুবাই কাথিয়াবাৰী’, ‘দ্য লাষ্ট ফিল্ম শ্ব” আৰু ‘ছেল্ল’ শ্ব”-এ স্থান লাভ কৰিছে। ‘কান্তাৰা’ই অস্কাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীত স্থান লাভ কৰিলে।

Exit mobile version