প্ৰৱঞ্চনাৰ চিকাৰ হ’ল বলি অভিনেতা ৰাজকুমাৰ ৰাও । তেওঁৰ পেন কাৰ্ড ব্যৱহাৰ কৰি তেওঁৰ নামত বেংকৰ পৰা টকা ধাৰ লৈছে। জনালে অভিনেতাজনে নিজেই ।
শনিবাৰে ৰাজকুমাৰে টুইট কৰি লিখিছে , “মোৰ পেন কাৰ্ড ব্যৱহাৰ কৰি বেংকৰ পৰা ২,৫০০ টকা ধাৰ লৈছে। ফলস্বৰূপে, মোৰ ‘ক্ৰেডিট স্কোৰ’ত মোৰ সমস্যা হৈছে।’
সেই টুইটটোত ৰাজকুমাৰে ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো অফ ইণ্ডিয়া লিমিটেডৰ (এছআইবিএল) বিষয়াসকলৰ কথা উল্লেখ কৰে আৰু তেওঁলোকৰ সহায় বিচাৰে। তেওঁ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।
ইয়াৰ আগতেও, ৰাওৰ নাম লৈ ইমেইল আইডি বনাইছিল । তাতে ছবিৰ চুক্তিৰ নামত তিনি কোটি টকা দাবী কৰিছিল! প্ৰৱঞ্চনাটো ৰাজকুমাৰে নিজেই প্ৰকাশ কৰিছিল।
এতিয়ালৈকে, ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো অফ ইণ্ডিয়া লিমিটেডৰ পৰা ৰাজকুমাৰলৈ কোনো সঁহাৰি পোৱা নাই ।






























