Pee Gate : এইবাৰ টাৰ্মিনেলতে প্ৰস্ৰাৱ ! বিমাবন্দৰত আটক মদ্যপান কৰা যাত্ৰী

1673423206 delhi airport

Pee Gate :

মধ্য আকাশৰ পাছত এইবাৰ দিল্লীৰ বিমানবন্দৰ। ৰাজহুৱাভাৱে প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ এজন ব্যক্তি । পাছত জামিনত মুক্তি পাই । এয়াৰ ইণ্ডিয়াৰ বিমানত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা ঘটনাক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি, অভিযুক্ত যাত্ৰীজনে নিচাগ্ৰস্ত অৱস্থাত বিমানবন্দৰত প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে ।

তেওঁৰ সহযাত্ৰীসকলে বাধা দিবলৈ চেষ্টা কৰাত তেওঁলোকক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে ।তথ্য অনুসৰি, বিগত আঠ জানুৱাৰীত দিল্লী বিমাবন্দৰৰ তিনি নম্বৰ টাৰ্মিনেলত জৌহৰ আলী খানে দমনগামী বিমান ধৰিবলৈ দিল্লী বিমানবন্দৰলৈ আহিছিল ।

নিচাগ্ৰস্ত অৱস্থাত তেওঁ ছয় নম্বৰৰ গেটৰ সন্মুখত ৰাজহুৱাভাৱে প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে । তেওঁক দেখি বাকীসকলে থতমত খাই ।

কেবাজন লোকে আনকি তেওঁক বাধা দিবলৈও চেষ্টা কৰে । অভিযোগ কৰা হৈছে যে, জৌহৰে তেতিয়া দুৰ্ব্যৱহাৰ কৰি তেওঁলোকক আঁতৰাই দিয়ে ।

ঘটনাটোৰ পাছতেই তৎপৰ হয় বিমানবন্দৰৰ কৰ্তৃপক্ষ। তেওঁক বিমানবন্দৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জৌহাৰক পাছত জামিনত মুক্তি দিয়া হয়।

Exit mobile version