vetican: এজনো মুছলমান নথকা দেশখন !

WhatsApp Image 2023 01 11 at 20.37.57

vetican:

এজনো মুছলমানলোক নথকা দেশ কোন খন বুলি ক’লে  আপুনি মুহূৰ্ততে উত্তৰ দিয়াটো কঠিন ৷

প্ৰকৃততে এজনো মুছলমান নথকা দেশখনে হৈছে বিশ্বৰ অতি ক্ষুদ্ৰ দেশ ভেটিকান চিটি ৷ দেশখন ইটালীৰ ৰাজধানী ৰোমৰ ভিতৰত অৱস্থিত।

এই ক্ষুদ্ৰ দেশ খনত নাই এজনো ইছলামধৰ্মী লোক ৷ আচলতে এই দেশখন নিয়ন্ত্ৰণ কৰে খ্ৰীষ্টান ধৰ্মগুৰু পোপে ৷ ইয়াত খ্ৰীষ্টান ধৰ্মীয় নেতা সকলে বসবাস কৰে ৷ যাৰ বাবে ইয়াত এজনো মুছলমান ব্যক্তি ইয়াত বাস নকৰে।

উল্লেখ্য যে ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ। এই দেশ মাত্ৰ ৪৪ হেক্টৰ অৰ্থাৎ প্ৰায় ১০৮ একৰৰ। মুঠ জনসংখ্যা প্ৰায় এক সহস্ৰাধিক

দেশখন আছে ইটালীৰ ৰাজধানী ৰোমত । ১৯২৯ চনত ভেটিকান চিটিক ইটালীয়ে দেশৰ মৰ্যাদা প্ৰদান কৰিছিল। ৰোম চহৰত থকা ক্ষুদ্ৰ দেশখনৰ ভাষা হৈছে লেটিন

ভেটিকান চিটি জনসংখ্যা বিশ্বৰ ভিতৰত সৰ্বনিম্ন ৷ তথাপিও ইয়াত আন দেশৰ দৰে বহুতো সুবিধা আছে । এই দেশৰ মানুহে সহজে ইটালীৰ ভাষা বুজিব আৰু ক’ব পাৰে।

এই সৰু ঠাইখনক এখন দেশ হিচাপে গঢ়ি তোলাৰ দাবী উত্থাপিত হৈছিল কাৰণ ইয়াত এটা ৰোমান কেথলিক গীৰ্জা আছে। আনকি এই ধৰ্মৰ আটাইতকৈ শীৰ্ষ ধৰ্মীয় নেতাসকলো ইয়াত থাকে ।

কেথলিক গীৰ্জাৰ পোপক যীচু খ্ৰীষ্টৰ প্ৰতিনিধি বুলি কোৱা হয়, সেয়েহে তেওঁৰ অনুগামীসকলে বিচাৰিছিল যে ধৰ্মীয় নেতাসকল কাৰো অধীন হৈ নাথাকিব ৷

যাৰ বাবে ১৯২৯ চনত ৰোমান কেথলিক গীৰ্জা আৰু ইটালীৰ মাজত এক চুক্তি তৈয়াৰ কৰা হৈছিল ৷ তাৰ পিছতে এই দেশখন গঠন কৰা হৈছিল।

ভেটিকান চিটিৰ এলেকা অতি সৰু হ’ব পাৰে কিন্তু ইয়াত আছে এটা ৰেল ষ্টেচন। আছে নিজা মুদ্ৰাও ৷ অৱশ্যে ইয়াত ইটালীৰ মুদ্ৰাও প্ৰচলন হয় ৷ আনহাতে ইটালীতো ভেটিকানৰ মুদ্ৰা প্ৰচলন হয়।

আনহাতে ভেটিকান চিটিৰ আছে নিজা ৰেডিঅ’ ষ্টেচন আৰু ডাক বিভাগ ৷ কেৱল এয়াই নহয় ভেটিকান চিটিৰ নিজা পতাকাও আছে।

ভেটিকান চিটিৰ নিৰাপত্তাৰ বাবে আছে এটা আৰক্ষী বাহিনী। একেদৰে ভেটিকান চিটিয়ে তেওঁলোকৰ দেশৰ লোকসকলৰ বাবে পাছপৰ্টো জাৰী কৰে।

উল্লেখ্য যে ,বিশ্বৰ আন দেশৰ দৰে ভেটিকান চিটিত নাই কোনো গণতান্ত্ৰিক ব্যৱস্থা । অৰ্থাৎ, ইয়াত কোনো নিৰ্বাচন নহয় বা  কোনো ৰাজহুৱা প্ৰতিনিধি নাই ।

সহজ অৰ্থত ক’বলৈ ইয়াত ৰাজতন্ত্ৰ ব্যৱস্থা আছে ৷ যাৰ ৰজা কেথলিক গীৰ্জাৰ পোপ। ভেটিকানবাসীৰ বাবে যি সিদ্ধান্ত লোৱা হয় সেয়া পোপে লয়।

ভেটিকানৰ পোপক দৰ্শন কৰিবলৈ বিভিন্ন দেশৰ পৰা প্ৰতিদিনে আহে লক্ষাধিক খ্ৰীষ্টান ধৰ্মী লোক ৷

Exit mobile version