Assam Sanmilita Mahasangha :
মাঘ বিহুৰ প্ৰথম দিনা উৰুকাৰ নিশা বয়স অনুপাতে একেলগে ‘লগভাত’ খোৱাটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ হাজাৰ বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰ অংগ । এইয়া মূলতঃ মঙ্গোলীয় সংস্কৃতি ।
অনাহক প্ৰতিযোগিতাত নামি এচাম লোকে অসমৰ গৌৰৱোজ্জল ইতিহাসৰ সাক্ষী ৰংঘৰ-কাৰেংঘৰ আদিৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ পিছদিনা পুৱাই জ্বলাই দিয়া দেখা যায় — এইয়া নিজৰ সংস্কৃতিৰ প্ৰতিয়েই ভাবুকি স্বৰূপ তথা অপসংস্কৃতি ।
অসম সন্মিলিত মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই এক প্ৰেছ টোকাত কয় যে ইতিহাসৰ পাতত ভেলাঘৰ আৰু মেজিৰ কোনো নিৰ্দিষ্ট আকাৰ উল্লেখ থকাৰ কোনো তথ্য নাই ।
ৰাইজে বাহ-খেৰেৰে ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা তাৰ ভিতৰত মাছ-মাংসেৰে উদৰ পূৰাই খাবলৈ ভাত-আঞ্জা ৰান্ধে আৰু সকলোৱে ভগাই খায় ।
পুৱাই গ-পা ধুই বাহ-কাঠ আৰু খেৰেৰে নিৰ্মাণ কৰা মেজি জ্বলায় উত্তাপ লয় আৰু ব্যক্তিগত আৰু সামূহিক কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় । এইয়াই ঐতিহ্য আৰু হাজাৰ বছৰীয়া পৰম্পৰা ।
আজি ১০ বছৰ মানৰ পৰা ঠায়ে ঠায়ে উৰুকাৰ পুৱা ঐতিহাসিক ঐতিহ্যৰ প্ৰতীক ৰংঘৰ-কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি জ্বলাই দিয়া অপসংস্কৃতি আৰু অগ্নি পূজাৰ কাল্পনিক কাৰ্য এটা গঢ় লৈ উঠিছে । এইয়া মৃত্যুমুখী জাতিৰ লক্ষণ ।
সেয়ে মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীৰ বয়সস্থ সকলক এনে অপসংস্কৃতি বিৰুদ্ধে থিয় দি এই ধৰণৰ দুস্কাৰ্য বন্ধ কৰিবলৈ যত্নপৰ হ’বলৈ আহ্বান জনাইছে ।