Cm Meeting In Janata Bhawan:প্ৰধানমন্ত্ৰীৰে মুখ্য সচিব সন্মিলন সন্দৰ্ভত

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক

WhatsApp Image 2023 01 13 at 8.23.12 PM

Cm Meeting In Janata Bhawan:

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে জনতা ভৱনত এখন বৈঠকত মিলিত হয় মন্ত্ৰী আৰু মুখ্য সচিব সহ জ্যেষ্ঠ বিষয়াবৰ্গৰে ৷

 যোৱা পাঁচৰ পৰা সাত জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় ৰাষ্ট্ৰীয় মুখ্য সচিবৰ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য সচিবসকলক দিয়া নিৰ্দেশনাসমূহৰ সম্পৰ্কত আলোচনা কৰে ৷

আনহাতে বৈঠকৰ ৰূপৰেখা দাঙি ধৰে মুখ্য সচিব পৱন কুমাৰ কুমাৰ বৰঠাকুৰে ৷ উল্লেখ্য যে নতুন দিল্লীত মুখ্য সচিবৰ সন্মিলনত বিশেষকৈ বিকাশ আৰু চাকৰি সৃষ্টিৰ লগতে সৰ্বাংগীণ মানৱ উন্নয়নক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল।

জনতা ভৱনৰ বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশসমূহ সফলভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ বিভাগীয় মন্ত্ৰীসকলক নিৰ্দেশনা প্ৰদান কৰে আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসমে সৰ্বাধিক সফলতা লাভ কৰা বিষয়টো নিশ্চিত কৰিবলৈ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

Exit mobile version