Buffalo Fight In Bhuragaon :মৰিগাঁৱৰ বৈদ্যবড়ী পথাৰত গোণা মহৰ শিঙৰ ঝণঝণনীত উৰিল ধুলি

জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাছতো গোৱালে পাতিলে মহ যুঁজ,বিশ সহস্ৰাধিক দৰ্শকৰ ভিৰ

WhatsApp Image 2023 01 16 at 7.02.03 PM

Buffalo Fight In Bhuragaon:

সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনাই মৰিগাঁও জিলা প্ৰশাসনে সকলোকে মহ যুঁজ বন্ধ ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ বাবে বিভিন্ন মহ যুঁজ পৰিচালনা সমিতিয়ে মহ যুজ বন্ধ ৰাখে যদিও আজি বৈদ্যবড়ী পথাৰত গোৱাল সকলে মিলি অনুষ্ঠিত কৰিলে মহ যুঁজ

বিভিন্ন প্ৰান্তৰ মহ পালক তথা গোৱাল সকলে যুঁজত অৱতীৰ্ণ কৰোৱা গোনা মহৰ শিঙৰ ঝণঝণনীত ধূলি উৰিল বৈদ্যবড়ী পথাৰত।  আজি বৈদ্যবড়ী পথাৰলৈ পুৱাৰ পৰাই সমাগম ঘটে মহ যুঁজ চাবলৈ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ।

অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ কে সকলোৰে পৰা মহ যুঁজ উপভোগ কৰিবলৈ পহিলা মাঘৰ দিনা বৈদ্যবড়ী পথাৰলৈ পূৰ্বৰ দৰেই সমাগম ঘটে আলহি অতিথিৰ ।

ন্যায়ালয়ৰ বাধা নিষেধৰ প্ৰতি সন্মান জনাই মৰিগাঁও জিলা প্ৰশাসনে মহ যুঁজ বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে মহ যুঁজ পৰিচালনা সমিতিয়ে বাতিল কৰিছিল ম’হ যুঁজ। কিন্তু ম’হৰ গোৱাল তথা মহ পালক সকলক কোনেও সৈমান কৰাব নোৱাৰিলে।

সমিতিয়ে ম’হ যুঁজ নাপাতিলেও গোৱাল সকলে মিলি মহ যুঁজ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ গোৱাল সকলে নিজৰ নিজৰ গোণা ম’হ লৈ উপস্হিত হয় বৈদ্যবড়ী পথাৰত। তেওঁলোকে দাবী কৰি যে -গোণা ম’হ বোৰ যুঁজাব নোৱাৰিলে পালন কৰাটো তেওঁলোকৰ বাবে নিৰাপদ নহয়।

গোণা ম’হ যুঁজত অৱতীৰ্ণ কৰাই শান্ত নকৰিলে ক্ষতি কৰিব পাৰে গোৱালৰ। আনহাতে অন্য একাংশৰ মতে মহ যুঁজ ভোগালী উৎসৱৰ এক এৰিব নোৱাৰা অংগ। মহ যুঁজ কেৱল মহৰ যুঁজেই নহয়, ই অসমৰ চহা কৃষকৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ যুঁজ।

আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব কালৰ পৰা বৰ্তমানলৈ বিৰাজমান ই এক জাতীয় পৰম্মৰা। অৱশেষত সকলো জল্পনা কল্পনা অৱসান ঘটাই বৈদ্যবড়ী পথাৰলৈ বিভিন্ন প্ৰান্তৰ শ শ ম’হৰ গোৱালে ঢোলে ডগৰে আগবঢ়াই আনিলে নিজৰ নিজৰ গোণা ম’হ।

বিশ সহস্ৰাধিক দৰ্শকৰ উপস্হিতিত গোৱালৰ বেষ্টনীৰ মাজত অনুষ্ঠিত হ’ল ইহালৰ পিছত সিহাল হিংস্ৰ গোণা ম’হৰ শিহৰণকাৰী যুঁজ। মহৰ বয়সৰ ভিত্তিত গোৱাল সকলে দুটা শাখাত অনুষ্ঠিত কৰিলে মহ যুঁজ ।

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি গোৱালৰ তত্বাবধানত গোণা মহৰ শিঙৰ ঝণঝননীত ধুলি উৰিল বৈদ্যবড়ী পথাৰত। ৩০-৪০ যোৰ গোণামহৰ শিহৰণকাৰী যুঁজেৰে বৈদ্যবড়ীত মহ যুঁজৰ সফল সমাপ্তি ঘটাই গোৱাল সকলে পুণৰ বোমেৰাং কৰিলে ন্যায়ালয়ৰ নিষেধাজ্ঞা।

Exit mobile version