Cm Meets Doner Minister:দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী কিষান ৰেড্ডীক সাক্ষাৎ

WhatsApp Image 2023 01 16 at 5.11.02 PM

Cm Meets Doner Minister:

আজি পুৱাই বিশেষ কাৰ্যসূচী লৈ দিল্লী উৰা মৰা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া দিল্লীত উপস্থিত হৈয়ে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী কিষাণ ৰেড্ডী গংগাপুৰমক সাক্ষাৎ কৰে ৷

ডনাৰ মন্ত্ৰীৰ স’তে এক বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে ৷

বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অনুযায়ী ডনাৰ মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু তাৰেই আপাহতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ বিকাশৰ দিশ তুৰাম্বিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সহ কে’বাগৰাকী জ্যেষ্ঠ বিষয়াবৰ্গ ৷

Exit mobile version