Mumbai Road Accident:মুম্বাই-গোৱা ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা

থিতাতে নিহত নজন

770e060a d130 4a05 9882 f4aeeaec7e12

Mumbai Road Accident :

মহাৰাষ্ট্ৰৰ মুম্বাই-গোৱা ঘাইপথত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ট্ৰাক আৰু এখন মাৰুতি ইকো গাড়ীৰ মুখামুখি সংঘৰ্ষত মাৰতি ইকো খনৰ নজন আৰোহীৰ থিতাতে নিহত হয় ।

অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে এগৰাকী চাৰিবছৰীয়া কন্যা শিশু৷গুৰুত্বৰভাৱে আহত শিশুটি ততাতৈয়াকৈ মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ চিকিৎসালয় সূত্ৰে সদৰি কৰা মতে কন্যা শিশুটি সম্প্ৰতি সংকটমুক্ত৷

প্ৰাপ্ত খবৰ মতে ভয়ংকৰ পথ দুৰ্ঘটনাটো পুৱা প্ৰায় পাঁচ বজাত সংঘটিত হয়। ১০ জনকৈ আৰোহী কঢ়িয়াই নিয়া মাৰুতি ইকো বাহন খন মুম্বাই মহানগৰৰ পৰা ৰত্নগিৰি অভিমুখে গৈ আছিল ৷ সকলো আত্মীয় আছিল ৷

উল্লেখ্য যে ৰত্নগিৰিৰ এগৰাকী আত্মীয়ৰ মৃত্যুৰ খবৰ ল’বলৈ গৈ থকা পথতে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যুক সাবটি লবলগীয়া হয় নজন লোক৷ ঘটনা সংঘটিত হোৱাৰ পাছতে মুম্বাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰাৰ লগতে মৃতদেহ কেইটা মৰনোত্তৰ পৰীক্ষাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰে ৷

Exit mobile version