শেহতীয়াকৈ বিশ্বৰ কোনবোৰ ঠাইৰ ওপৰত বিমান ব উৰিব নোৱাৰে সেই বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আনহাতে এই সন্দৰ্ভত আলোচনা এই বাবেই কৰা হৈছিল যেতিয়া হিমালয়ান দেশ নেপালত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত বিমানখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে মৃত্যু হৈছিল সকলো যাত্ৰীৰ ৷
নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ। যিকোনো ৰাষ্ট্ৰীয় বা অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে চৰকাৰে সেই স্থানটো কিছু সময়ৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰে।
বহুসময়ত যুদ্ধ ক্ষেত্ৰবোৰক নো-ফ্লাই জ’ন হিচাপেও ঘোষণা কৰা হয়। কিন্তু এইবোৰৰ বাহিৰেও বিশ্বৰ এনে কিছুমান ঠাই আছে যাক স্থায়ীভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।
এই বিষয়ে কিছু জানো আহক:
ডিজনী পাৰ্ক, কেলিফৰ্ণিয়া: ডিজনী পাৰ্ক সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত যথেষ্ট বিখ্যাত। এই ঠাইখন আপুনি কল্পনা কৰিব পৰাকৈ যাদুকৰী। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ডিজনী পাৰ্কৰ ওপৰেৰে বিমান উৰণত নিষেধাজ্ঞা আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৯/১১ ৰ পিছত ডিজনী পাৰ্কৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এনে সিদ্ধান্ত তাৎক্ষণিকভাৱে লোৱা হৈছিল।
তিব্বত: তিব্বতক পৃথিৱীৰ সৰ্বোচ্চ অঞ্চলসমূহৰ ভিতৰত এক সুকীয়া বুলি গণ্য কৰা হয়৷ এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ১৬ হেজাৰ ফুট পৰ্যন্ত। ইয়াৰ ভিতৰত অৱস্থিত উচ্চ পৰ্বতবোৰৰ বাবে এই সুন্দৰ ঠাইখনত বিমান উৰণ নিষিদ্ধ কৰা হৈছে। এই ঠাইখন যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক নো-ফ্লাই জ’ন ৰূপে চিহ্নিত কৰা হৈছে ৷
মাচু পিচু: পেৰুৰ মাচু পিচু, পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা৷ ইয়ো নো-ফ্লাই জ’নত অন্তভুৰ্ক্ত । এই অঞ্চল বিখ্যাত পৰ্যটন স্থল ৷ যাক ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকসকলে আহে। এই ঐতিহাসিক ঠাইখন দক্ষিণ আমেৰিকাৰ দেশ পেৰুত আছে। এই ঠাইখন উৰুবাম্বা উপত্যকাৰ ওপৰৰ এটা পাহাৰত সাগৰ পৃষ্ঠৰ পৰা ২,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে বিখ্যাত৷ লগতে কেৱল ইয়াতে বিকশিত হোৱা বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ জীৱনৰ সংখ্যাৰ বাবেও বিখ্যাত বুলি গণ্য কৰা হয় ৷।