China Covid-19 : এসপ্তাহত ৬০ হেজাৰতকৈও অধিক লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি ! অভিলেখ গঢ়িলে চীনে

1673261424 china

China Covid-19 :

সত্যলৈ পৰিণত হ’ল আশংকা । উৎসৱৰ বতৰত চীনত ক্ৰমাৎ বৃদ্ধি পালে দৈনিক সংক্ৰমণ । অতিমাৰি আৰম্ভ হোৱা পাছৰ পৰা এসপ্তাহত কেতিয়াও ইমান লোক চীনৰ চিকিৎসালয়ত ভৰ্তি হোৱা নাই বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ।

যদিও হু- ৱে জনাইছে চীনৰ সকলো প্ৰদেশত এই সপ্তাহত কিমান জন লোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তাৰ পৰিসংখ্যা তেওঁলোকৰ হাতত নাই।

যোৱা সপ্তাহত, চীনে জনাইছে যে সেই সপ্তাহত ক’ভিডৰ ফলত দেশখনত ৬০ হেজাৰ লোকৰ মৃত্যু হৈছে । অৱশ্যে, সেই পৰিসংখ্যাবোৰ নথিবদ্ধ কৰা হোৱা নাই বুলি দাবি কৰে হুৱে।

বেইজিংয়ে প্ৰদান কৰা পৰিসংখ্যাৰ ওপৰত আধাৰিত কৰি, বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে চীনত চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত ৭০ শতাংশ বৃদ্ধি পাইছে।

যোৱা সপ্তাহত, ক’ভিডৰ বাবে চীনত প্ৰায় ৬৩ হেজাৰ ৩০৭ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।যি মহামাৰীৰ আৰম্ভণিৰ পৰা চীনত সৰ্বাধিক।

মহামাৰীৰ বাবে প্ৰায় তিনি বছৰ ধৰি চীনত কঠোৰ নিয়ম আছিল। ভ্ৰমণৰ ওপৰত প্ৰতিবন্ধকতা, বাৰম্বাৰ ক’ভিড পৰীক্ষা, নিভৃতবাস, তলাবন্ধৰ দৰে একাধিক নিয়ম আছিল ।

নাগৰিকসকলৰ প্ৰতিবাদৰ পাছত চীনে ডিচেম্বৰৰ আৰম্ভণিতে নিয়মসমূহ প্ৰত্যাহাৰ কৰে । হুৰ আন্তৰ্জাতিক মহলে বাৰে বাৰে দাবী কৰিছে যে চীনে ক’ভিড সংক্ৰমণ আৰু মৃত্যুৰ প্ৰকৃত সংখ্যা গোপন ৰাখিছে। অৱশ্যে চীনে এই অভিযোগ অস্বীকাৰ কৰিছে।

Exit mobile version