Mahesh Bhatt : হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ পৰিচালক মহেশ ভট্টৰ, বৰ্তমান কেনে আছে তেওঁ ?

WhatsApp Image 2023 01 20 at 5.49.05 PM

Mahesh Bhatt :

যোৱা বছৰ ছেপ্টেম্বৰত ৭৪ বছৰত ভৰি দিয়ে পৰিচালক মহেশ ভট্ট । বিগত কিছু দিন ধৰি তেওঁৰ শৰীৰৰ অৱনতি ঘটি আছিল। চাৰি দিনৰ আগতে, তেওঁৰ শাৰীৰিক অৱস্থা হঠাতে অৱনতি ঘটে।

তেওঁক ততাতৈয়াকৈ তেওঁৰ ঘৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । তাতেই পৰিচালকজনৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হয়।

যোৱা মাহত, নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ যায় মহেশ । চিকিৎসকসকলে তেওঁক এঞ্জিওপ্লাষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে।

পলম নকৰাকৈ তেওঁ অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰে । বৰ্তমানৰ অৱস্থাত তেঁও সুস্থ। প্ৰবীণ পৰিচালকজনৰ পুত্ৰ ৰাহুল ভট্টই তেওঁৰ স্বাস্থ্যৰ বিষয়ে তথ্য দিয়ে ।

তেওঁ কয়,”যাৰ শেষ ভাল,তাৰ সকলো ভাল। তেঁও বৰ্তমান ভালে আছে । মই এই মুহূৰ্তত তাতকৈ বেছি ক’ব নোৱাৰো। ” যদিও দুই কন্যা আলিয়া, পূজা বা পত্নীয়ে পৰিচালকজনৰ অসুস্থতা সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

প্ৰসংগত, অস্ত্ৰোপচাৰৰ পাছত পৰিচালকজন ঘৰলৈ উভতি আহিছে।

Exit mobile version