Pakistan : এক ডজন কণীৰ মূল্য ৩৩০ হ’ল পাকিস্তানত

145605

Pakistan :

পাকিস্তানত অভিলেখ সৃষ্টিকাৰী মূল্যবৃদ্ধি অব্যাহত আছে। বিগত কে’বামাহ ধৰি দেশখনৰ বজাৰত প্ৰায়বোৰ খাদ্য সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে।

যোৱা বছৰত দেশখনত হোৱা প্রবল বন্যাৰ ফলত পাকিস্তানত অর্থনীতি যথেষ্ট ক্ষতিগ্রস্ত হ’ল। বানত কৃষিকাৰ্য নষ্ট হোৱাৰ ফলত এতিয়া বিভিন্ন খাদ্যদ্রব্যৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।

শেহতীয়াভাৱে দেশখনত প্ৰতি ডজন কণীৰ মূল্য ৩৩০ টকালৈ বৃদ্ধি পাইছে। একেদৰে কুকুৰাৰ মাংসৰ প্ৰতি কিলোৰ মূল্য হৈছে ৬৫০ টকা।

গাখীৰ এক লিটাৰ ১৯০ টকা আৰু আলু কিলোত ৬০ টকাত বিক্ৰী হৈছে।খাদ্যদ্রব্যৰ লগতে ইন্ধনৰ মূল্যও সৰ্বকালৰ সৰ্বাধিক হৈছে। সাপ্তাহিক মূল্যবৃদ্ধি ২০২২ৰ তুলনাত সম্প্ৰতি ৩১ শতাংশ বৃদ্ধি পালে।

Exit mobile version