Pramod Talukdar Memorial Old age home : ৰাজ্যবাসীৰ মৰমৰ ‘কলিজা আইতা ‘গুৰুত্বৰভাৱে অসুস্থ

জি এম চি এইছত ভৰ্তি

images 5

Pramod Talukdar Memorial Old age home :

মৰমিয়াল হাঁহি আৰু ৰসভৰা মাতটোৰ বাবেই সকলোৰে আপোন হৈ পৰা মৰমৰ ‘কলিজা আইতা’ সম্প্ৰতি গুৰুত্বভাৱে অসুস্থ

মহানগৰীৰ পাশ্বৰ্ৱতী সোনাপুৰস্থ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা সুভদ্ৰা দেৱী সকলোৰে বাবে ‘কলিজা আইতা’ বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰিছে ।

মুখত অনবৰতে মৰমসনা হাঁহি লৈ ফুৰা ১০৮ বছৰ গৰকা কলিজা আইতা যোৱা নিশা হঠাতে অসুস্থ হৈ পৰে৷ আইতাক তদাৰক কৰি অহা উৎপল হৰ্ষবৰ্ধনে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবেই নিশাই আই চি ইউলৈ স্থানান্তৰিত কৰে ৷

ইতিমধ্যে আইতাই পাৰ কৰিলে জীৱনৰ ১০৭তাকৈ বছৰ। আইতাৰ শীৰ্ঘে সুস্থ হোৱাৰ কামনাৰে ৰাজ্যৰ হাজাৰ হাজাৰ অনুৰাগীয়ে এতিয়া কৰিছে প্ৰাৰ্থনা৷

Exit mobile version