Charaideo Maidam’s Name To Unesco:ইউনেস্কলৈ চৰাইদেও মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

সংবাদমেল যোগে সদৰি মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 01 21 at 4.18.41 PM

Charaideo Maidam’s Name To Unesco:

শীৰ্ঘেই বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত হ’ব চৰাইদেউ মৈদামৰ নাম। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰে ইউনেস্কলৈ চৰাইদেউ মৈদামৰ নাম প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত আহ্বান কৰা এক সংবাদমেলত এই সদৰি কৰে ৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে যে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰাইদেউ মৈদাম সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁক অৱগত কৰে ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তেওঁক জানিব দিয়া মতে দেশৰ পৰা একমাত্ৰ স্বৰ্গদেউ সকলৰ এই মৈদামক বিশ্ব ঐতিহ্যৰ বাবে পঠিওৱা হ’ব ৷
,সংবাদমেলত  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম চৰকাৰে ২০১৪ চনৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতি দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অহৰহ হেচাঁ দি আহিছিল ৷

স্মতৰ্ৱ্য যে,দেশত ইতিমধ্যে ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈ আছে প্ৰায় ৫২টা ক্ষেত্ৰ ৷ আটাইকেইটাই বিশ্ব ঐতিহ্যৰ মনোনয়ন তালিকাত অন্তভুৰ্ক্ত ৷

ইউনেস্কৰ সদস্য ৰাষ্ট্ৰ এখনে প্ৰতিযোগিতালৈ মাত্ৰ এটা নামহে পঠিয়াব পাৰে ৷ সেই অনুসৰি এইবাৰ অসমৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ হৈ একমাত্ৰ চৰাইদেউ মৈদামক ইউনেস্কলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ হিচাপে বিবেচিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

Exit mobile version