Dog : মাত্ৰ ৩০ ছেকেণ্ডত ৩২ লাফ মাৰি অভিলেখ কুকুৰৰ

images 6

Dog :

মানুহে নিজৰ দক্ষতা প্ৰদৰ্শনৰে বিশ্ব অভিলেখ কৰি আহিছে। এই বিশ্বত বহু লোকে নানা ধৰণৰ কাম-কাজৰ জৰিয়তে বিশ্ব অভিলেখ ৰচি গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।

কিন্তু বিশ্ব অভিলেখ গঢ়া জীৱ-জন্তুৰ সংখ্যা তেনেই তাকৰ। অৱশ্যে ইয়াৰ মাজতো সময়ে সময়ে জীৱ-জন্তুৱেও নানা অভিলেখ ৰচনা কৰিছে, কিন্তু সেইবোৰৰ চৰ্চাহে তেনেদৰে নহয়।

সম্প্রতি সামাজিক মাধ্যমত এটা কুকুৰ ভাইৰেল হৈছে এক অভিলেখৰ জৰিয়তে। এটা কুকুৰে মালিকৰ স’তে স্কীপিং কৰি বিশ্ব অভিলেখ কৰিলে। গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই এক ভিডিঅ’ প’ষ্ট কৰি জাৰ্মানীৰ এটা কুকুৰ অনবদ্য দক্ষতাৰ কথা সদৰী কৰিছে।

বালু নামৰ এই কুকুৰটো স্কীপিং অৰ্থাৎ লাফ মৰাত পাৰ্গত। মাত্র ৩০ ছেকেণ্ডত বালুৱে ৩২ বাৰ লাফ মাৰিব পাৰে। বালুৱে তাৰগৰাকী উলফগাং লয়েনবাগাৰৰ স’তে সদায় স্কীপিং কৰি আহিছে।

লাফ মৰাত বালু অতি পাৰ্গত আৰু পাছৰ ঠেং দুটাৰে সি স্কীপিং সুন্দৰকৈ কৰিব পাৰে। এই ক্ষেত্ৰত বালুক নিয়মীয়াকৈ প্রশিক্ষণ প্ৰদান কৰি আহিছে তাৰ গৰাকীয়ে। গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য অনুসৰি, বালু হৈ সবাতোকৈ অধিক দ্ৰুতগতিত স্কীপিং কৰিব পৰা কুকুৰ

Exit mobile version