Ulfa Assam[I} :সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি

WhatsApp Image 2023 01 21 at 12.01.10 PM

Ulfa Assam[I]:

সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি ৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে কয় যে,ইয়াৰ দ্বাৰা সমূহ সংবাদ মাধ্যমৰ লগতে থলগিৰি জনগণক জনোৱা হয় যে,যোৱা ইংৰাজী ১৯ জানুৱাৰীত ডি এ প্লাচ’নামৰ ব্যক্তিগত সংবাদ মাধ্যমটোত ‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)সংগঠনৰ নামত যিটো বাতৰি সম্প্ৰচাৰ কৰা হৈছে সেই বাতৰিৰ তথ্য ভিত্তিহীন ৷

‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)ৰ তৰফৰ পৰা কোনো ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অৰ্থ সাহাৰ্যৰ বাবে কোনো ধৰণৰ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰা হোৱা নাই আৰু সম্প্ৰচাৰিত বাতৰিৰ দৃশ্যমান হোৱা ব্যক্তিজন সংযুক্ত মুক্তি বাহিনী ,অসম ( স্বাধীন)ৰ সদস্য নহয় ৷

ই শত্ৰু পক্ষই সংযুক্ত মুক্তি বাহিনী ( স্বাধীন)ৰ বিৰুদ্ধে কৰা এক ষড়যন্ত্ৰ ৷ গতিকে সম্প্ৰচাৰ হোৱা ভিডিঅ’ বাৰ্তাটো উপেক্ষা কৰি আগন্তুক দিনত কোনো ভূৱা বাতৰি প্ৰশ্নয় নিদিবলৈ বিনয়ৰে আহ্বান জনালো বুলি প্ৰকাশ কৰে সংগঠনটোৰ প্ৰচাৰ সদস্য গৰাকীয়ে ৷

Exit mobile version