Aftab Poonawala : শতাধিক সাক্ষীৰ বক্তব্য , শ্ৰদ্ধা গোচৰত দিল্লী আৰক্ষীৰ তিনি হেজাৰ পৃষ্ঠাৰ খচৰা চাৰ্জ শ্বীট

1668604754 shraddha aftab

Aftab Poonawala :

লিভ ইনৰ সংগী শ্ৰদ্ধা ৱালকৰক হত্যা কৰি ৩৫ টুকুৰা কৰি কটা আফতাব পুনাৱালাৰ বিৰুদ্ধে তিনি হেজাৰ পৃষ্ঠাৰ খচৰা অভিযোগনামা প্ৰস্তুত কৰিছে দিল্লী আৰক্ষীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযোগ পত্ৰখন এতিয়া আইন বিশেষজ্ঞসকলে পৰীক্ষা কৰি আছে। তাৰ পাছত, ইয়াক আদালতত দাখিল কৰা হ’ব।

উল্লেখ্য যে,অভিযোগপত্ৰখনত ১০০ ৰো অধিক সাক্ষীৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও, খচৰা অভিযোগপত্ৰত বৈদ্যুতিক আৰু ফৰেনচিক নমুনাও যোগ দিয়া হৈছে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবৰ স্বীকাৰোক্তি, তেওঁৰ নাৰ্কো পৰীক্ষাৰ ফলাফল আৰু ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন অভিযোগপত্ৰত যোগ দিয়া হৈছে।

আফতাবৰ বিৰুদ্ধে অভিযোগ , ১৮ মে’ত তেওঁৰ সংগী শ্ৰদ্ধাক হত্যা কৰা । প্ৰমাণবোৰ নষ্ট কৰিবলৈ, আফতাবে শ্ৰদ্ধাৰ শৰীৰ ৩৫ টুকুৰাকৈ কাটি ঘৰৰ ফ্ৰিজত ৰাখি থৈছিল । তাৰ পাছত, তেওঁ মেহৰৌলীৰ অৰণ্যত শৰীৰৰ টুকুৰাবোৰ দৈনিক নিজৰ সুবিধাজনকভাৱে পেলাই আহিছিল ।

২৮ বছৰীয়া আফতাব যোৱা বছৰৰ নৱেম্বৰৰ পৰা কাৰাগাৰত আছে। সূত্ৰ অনুসৰি, আফতাবে নিজেই দিল্লীৰ এখন আদালতত স্বীকাৰ কৰিছিল যে তেওঁ খঙত শ্ৰদ্ধাক হত্যা কৰে ।

Exit mobile version