Job loss : চাৰি মাহত চাকৰি গ’ল তিনিবাৰ ! প্ৰথম স্নেপ , তাৰ পাছত আমাজন , এইবাৰ গুগল

1669389487 job

Job loss :

২০২২ চনত, বিভিন্ন কোম্পানীয়ে হেজাৰ হেজাৰ কৰ্মচাৰীক ছাটাই কৰিছে। ২০২৩ চনতো অব্যাহত আছে আছে ছাটাইৰ অভিযান । আমাজন, টুইটাৰ, গুগল আৰু আন ৯০ টা প্ৰযুক্তি কোম্পানীয়ে ৫৯ ৰো অধিক কৰ্মচাৰীক ছাটাই কৰিছে।

উদ্বেগ বাঢ়িছে লাখ লাখ প্ৰযুক্তি কৰ্মীৰ । ইয়াৰ মাজতে এজন প্ৰযুক্তি কৰ্মীয়ে দাবী কৰিছে যে তেওঁ চাৰি মাহত তিনিবাৰ চাকৰি হেৰুৱাইছিল।

এটা চাকৰি এপত,তেওঁ ছফ্টৱেৰ ইঞ্জিনিয়াৰজনে দাবী কৰে যে তেওঁক অলপতে গুগলৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । বিগত দুমাহৰ ভিতৰত তেঁও সেই কোম্পানীটোত যোগদান কৰে ।

অৱশ্যে, সাম্প্ৰতিক সময়ত এইয়ে প্ৰথম নহয় , তৃতীয়বাৰৰ বাবে চাকৰি হেৰুৱাইছে তেওঁ । অভিযন্তাজনে নৱেম্বৰত আমাজনত আৰু ছেপ্টেম্বৰত স্নেপত চাকৰি হেৰুৱাইছে বুলি দাবী কৰিছে ।

এপটোত পোষ্ট কৰি কৰ্মীজনে লিখিছে , ” এতিয়া কি কৰিম নাজানো। মই ভাগ্যৱান যে মই কেবাটাও চাকৰি পাইছো। কিন্তু এতিয়া মোক অতি সোনকালে এটা চাকৰিৰ প্ৰয়োজন। হিচাপ মতে , কৰ্মচাৰীজনে যোৱা চাৰি মাহত তিনিবাৰ চাকৰি হেৰুৱাইছে।

একেটা পোষ্টতে তেওঁ লিখিছে , “কোনো ডাঙৰ প্ৰযুক্তি কোম্পানীয়ে কৰ্মচাৰী নিয়োগ কৰিছে নেকি? মই কেইমাহমানৰ বাবে বিৰতি লৈ পুনৰ গ্ৰীষ্মকালত চাকৰি বিচাৰো ? নে মই মোৰ নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰা উচিত? এই পৰিস্থিতিত চাকৰি বিচৰাটো সঠিক হ’বনে?”

শেহতীয়াকৈ আমাজনে ১৮ হেজাৰ কৰ্মচাৰীক ছাটাই কৰিছে। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ঘোষণা কৰিছে যে তেওঁ ১২ হেজাৰ কৰ্মচাৰীক ছাঁটাই কৰিব।

বিশ্বজুৰি তেওঁলোকৰ মুঠ কৰ্মশক্তিৰ ছয় শতাংশ ছাটাই কৰা হ’ব। মাইক্ৰছফ্টে ১০ কৰ্মচাৰীকৰ্তা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। ইলন মাস্কে দায়িত্ব লোৱাৰ পাছত টুইটাৰেও কৰ্মচাৰীসকলক ছাটাই কৰাৰ পথত খোজ কাঢ়িছে। সমগ্ৰ বিশ্বতে প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকল এতিয়া সমস্যাত ভুগিছে ।

Exit mobile version