Bihar Hooch Tragedy :বিহাৰত পুনৰ বিষাক্ত সুৰা সেৱন কৰি মৃত্যু তিনিজনৰ মৃত্যু

WhatsApp Image 2023 01 23 at 2.38.50 PM 2

Bihar Hooch Tragedy :

বিহাৰত পুনৰ সুৰা ট্ৰেজেডী৷ বিশাক্ত সুৰা সেৱন কৰাৰ ফলত তিনিজন লোকে কৰুণ মৃত্যুক সাৱটি লোৱা খবৰ জানিব পৰা গৈছে ৷

ৰাজ্য খনৰ চিৱান জিলাত ইতিমধ্যে বিশাক্ত সুৰা সেৱনৰ ফলত কে’বাজনো লোকৰ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পুনৰ তিনিজন লোকৰ মৃত্যু হৈছে ৷

আনহাতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১২ জনকৈ লোক।আনহাতে এই শোকাৱহ ঘটনাৰ পাছত বিহাৰ আৰক্ষীয়ে আটক কৰিছে দহজনতকৈ লোকক ৷

উল্লেখ্য যে ,মৃত্যু হোৱা অধিকাংশৰে মৃত্যুৰ পূৰ্বে প্ৰচণ্ড পেটৰ বিষ আৰু চকুৰ দৃষ্টিশক্তি ক্ৰমাৎ কমি যোৱা ৷শেহতীয়াকৈ চিৱান চিভিল হাস্পতালত এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে সাতজনৈ সুৰাপায়ী ৷

আনহাতে এই পৰ্যন্ত প্ৰশাসন কোনো মুখ খোলা নাই যদিও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক সকলৰ পৰিয়ালে একেলগে সুৰাপান কৰিছিল৷পৰৱৰ্তী সময়ত সুৰাপায়ী সকলো অসুস্থ হৈ পৰিছিলহ তাৰে তিনিজনৰ মৃত্যুৰ বিপৰীতে আহত হৈছে কে’বাজনো

মনকৰিবলগীয়া যে চিৱান জিলাত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজভাগত বিশাক্ত সুৰা সেৱন কৰি মৃত্যু মুখত পৰিছিল ৩৮

জনকৈ লোক ৷
তাৰ পাছতে ৰাজ্য চৰকাৰে বিশাক্ত সুৰা সৰবৰাহ কৰা অবৈধ সৰবৰাহকাৰী বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰে ৷

Exit mobile version