State Cabinet:ৰাজ্য কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চাকৰি এদিনতে হ’ব নিয়মিয়াকৰণ !

WhatsApp Image 2023 01 23 at 5.17.28 PM 1

State Cabinet:

ৰাজ্যৰ শিক্ষক সকলৰ বাবে এটা ভাল খবৰ ৷ এই খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীয়ে ৷ আজি এই সন্দৰ্ভত ৰাজ্য কেবিনেট লোৱা সিদ্ধান্ত সমূহ এক সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি যিসমূহ বিদ্যালয়ে গুণোৎসৱত একেৰাহে দুটাবছৰ ‘A’ গ্ৰেড পাইছে ৷ সেইখন বিদ্যালয়ৰ অনিয়মীয়া শিক্ষকৰ চাকৰি লগে লগে নিয়মীয়াকৰণ কৰা হ’ব ৷

উল্লেখ্য যে ,অনিয়মীয়া টেট শিক্ষক সকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কৰি আহিছিল ৷ কিন্ত অসম কেবিনেটত লোৱা সিদ্ধান্তৰ পাছতে চাকৰি নিয়মীয়াকৰণৰ দায়িত্ব আওপকীয়াকৈ এৰিলে টেট শিক্ষক সকললৈ ৷

গুণোৎসৱৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ কঠোৰ পৰিশ্ৰমৰ ফচল হ’ব পাৰে নিজ নিজ শিক্ষানুষ্ঠান ৷ শিক্ষক- শিক্ষয়িত্ৰী সমন্বিতে ছাত্ৰ-ছাত্ৰীয়ে ভাল কাম কৰিবলৈকে গুণোৎসৱ প্ৰৱৰ্তন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ৷

Exit mobile version