Trevel Agency:মহানগৰীত ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা

অংশুমান পাল নামৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

WhatsApp Image 2023 01 23 at 4.17.27 PM

Trevel Agency:

বিমানৰ টিকটৰ নামত প্ৰৱঞ্চনা কৰি গ্ৰাহকৰ পৰা ধন সৰকোৱা ট্ৰেভেল এজেন্সি এটাৰ স্বতাধিকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

চানমাৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা প্ৰৱঞ্চক জনৰ নাম অংশুমান পাল ৷ ইংলেণ্ড লৈ যাব বিচৰা এজন লোকক বিমান টিকট দিয়াৰ নামত তেওঁৰ পৰা সৰকাইছিল প্ৰায় একলাখ ৫০ হাজাৰ টকা ৷

আনকি ভিচা দিয়াৰ নামতো সংগ্ৰহ কৰিছিল বহু পৰিমাণৰ ধন ৷

এক জানুৱাৰীত সমুদায় ধন জমা দিছিল ভুক্তভোগীজনে ৷ উল্লেখ্যে যে ইয়াৰ পূৰ্বেও বহুলোকক প্রবঞ্চনা কৰাৰ অভিযোগ অংশুমানৰ বিৰুদ্ধে ৷ ধৃত অংশুমানৰ পল্টন বজাৰত আছে এটা ট্রেভেল এজেন্সি ৷

Exit mobile version