Burmese Paan Smuggler Arrested:ঢলাইত বাৰ্মিজ পাণ সৰবৰাহকাৰীক আটক

জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ পাণ

WhatsApp Image 2023 01 24 at 7.51.01 PM 1

Burmese Paan Smuggler Arrested:

বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহৰ পাছত এইবাৰ পাণৰ চোৰাং সৰবৰাহৰ থলীত পৰিণত হৈছে শিলচৰৰ ঢলাই ৷ শেহতীয়াকৈ শিলচৰ আৰক্ষীৰ কঠোৰ স্থিতিৰ মাজতে মঙলবাৰে পুৱতি নিশা বাৰ্মিজ পাণৰ চোৰাং সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে লায়লাপুৰ আৰক্ষীয়ে বাৰ্মিজ পাণ কঢ়িয়াই নিয়া এখন বাৰচকীয়া ট্ৰাক জব্দ কৰে।

কৰ্তব্যৰত আৰক্ষীয়ে আজি পুৱতি নিশা লায়লাপুৰ আৰক্ষীৰ টহল চকীৰ সন্মুখত মিজোৰামৰ ফালৰ পৰা অহা এনএল ০১কিউ ৭৪৯৭ ট্ৰাক খনত অৰ্তকিতে তালাচী চলাই স্থানীয় পানৰ টোপোলাৰ মাজত ৫৫ কিলোগ্ৰাম ওজনৰ ২৪০ বস্তুা বাৰ্মিজ পান জব্দ কৰে।
এই সন্দৰ্ভত বাৰ্মিজ পান সৰবৰাহৰ স’তে জড়িত থকা আমিনুল ইছলামক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বৰপেটা জিলাৰ বেৰেলকান্দিত ৷

আৰক্ষীৰ উপযুপৰি জেৰাত আটকাধীন আমিনুল প্ৰকাশ কৰে যে , দুদিন পূৰ্বে মিজোৰামৰ বৈৰেংটিৰ এজন ব্যক্তিয়ে তেওঁলোকক স্থানীয় পান বোজাই আনিবলৈ ৩০,০০০ টকাৰ ভাড়াৰ বিনিময়ত লৈছিল ৷ পান খিনি বোজাই নিবলৈ অহা প্ৰকৃত গৰাকীৰ পৰিচয় নাজানো বুলি সদৰি কৰে ৷

উল্লেখ্য যে, সোমবাৰে বাৰ্মিজ পাণ চোৰাং সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত পাঁচখন বাহন সহ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

Exit mobile version