Pakistani Teen : অনলাইনত লুডো খেলি পৰিল প্ৰেমত ,

পাকিস্তানৰ যুৱতী আহি পালে ভাৰত , এতিয়া দুয়ো জেলত

1674543731 pakistan

Pakistani Teen :

প্ৰথমে কথোপকথন আৰম্ভ হ’ল অনলাইনত লুডো খেলি। তাৰ পৰাই আৰম্ভ হ’ল ভাললগাৰ পৰা ভালপোৱা । কিন্তু প্ৰেমৰ বাধা হৈছে আন্তৰ্জাতিক সীমান্ত।

কিয়নো প্ৰেমিক ভাৰতীয় হ’লেও প্ৰেমিকা পাকিস্তানী। কিন্তু প্ৰেমে নামানে কোনো সীমা । বৈধ নথি-পত্ৰ অবিহনে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ পাকিস্তানী কন্যা ইৰকা জিৱানী।

গ্ৰেপ্তাৰ হ’ল ইৰকাৰ যুৱ প্ৰেমিক মুলায়ম সিং যাদৱ । বিয়াৰ মাত্ৰ কিছুদিন পাছতে বেংগালুৰুত তেঁওলোকে সংসাৰ পাতিছিল । অৱশ্যে, তেওঁলোক দুয়োকে সোমবাৰে বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ইৰকা নামৰ এগৰাকী ১৯ বছৰীয়া পাকিস্তানী কিশোৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সোমবাৰে বাংগালুৰু আৰক্ষীয়ে জানিবলৈ দিয়ে। মুলায়মকো তেওঁক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ইক্ৰা আৰু মুলায়মে অনলাইনত লুডো খেলি থাকোতে ইজনে সিজনক লগ পাইছিল। সেই কথোপকথন প্ৰেমত পৰিণত হোৱাৰ লগে লগে ইক্ৰাই ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়।

তেওঁ ভাৰত-নেপাল সীমান্তৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে । হিন্দু ৰীতি-নীতি অনুসৰি তেওঁলোক নেপালৰ কাঠমাণ্ডুত বিবাহপাশত আৱদ্ধ হয়।

ইয়াৰ পাছতে বিহাৰলৈ যায় দম্পতীহাল । যোৱা বছৰৰ ২৮ ছেপ্টেম্বৰত, তেওঁলোক বেংগালুৰুলৈ উভতি আহে । সেই সময়ত, ইৰকা নাম আছিল ৰাভা যাদৱ। মুলায়মে তেওঁৰ নামত এটা ভুৱা আধাৰ কাৰ্ডও প্ৰস্তুত কৰিছে।

বেংগালুৰুলৈ উভতি অহাৰ পাছত, তেওঁলোকে চাৰ্জাপুৰ ৰোডত গোবিন্দ ৰেড্ডীৰ নামৰ এজন লোকৰ ঘৰত ভাড়াত থাকিবলৈ আৰম্ভ কৰে।

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, মুলায়মৰ ঘৰ উত্তৰ প্ৰদেশত । কিন্তু তেওঁ যোৱা সাত বছৰ ধৰি বেংগালুৰুত আছে। তেওঁ দাবী কৰে যে ইৰকাৰ ঘৰ পাকিস্তানত বুলি তেওঁ নাজানে । ইৰকাই তেওঁক হায়দৰাবাদৰ বাসিন্দা বুলি কৈছে । আৰক্ষীয়ে ইৰকা আৰু মুলায়মৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ঘৰৰ মালিক গোবিন্দাৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে।

Exit mobile version