Pathaan:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান অভিনীত ছবি ‘পাঠান’ক লৈ বিতৰ্ক অব্যাহত আছে৷এইবাৰ অসমত পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰিবলৈ ছবিখনৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে ৷
পাঠান চিনেমাখনে ভাৰতীয় সংবিধানৰ ৫১ (এ) অনুচ্ছেদ ভংগ কৰাৰ অভিযোগ। ছবিখনৰ প্ৰযোজক-পৰিচালকৰ লগতে ‘বে চৰম’ গীতৰ গীতিকাৰ আৰু অভিনেতা শ্বাহৰুখ খান-দীপিকা পাডুকনৰ বিৰুদ্ধে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে ৷
কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই । গীতানগৰ থানাই (জি বি জি নম্বৰ : ২৬২৯, তাং ২৩,০১,২০২৩) এই এজাহাৰ গ্ৰহণ কৰিছে।
ইফালে পাঠানৰ মুক্তিৰ দিনা আৰক্ষী সষ্টম থাকিব বুলি জনাইছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই দিনা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিলে ব্যৱস্থা লোৱা হ’ব ৷